২০ জুলাইত যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ বলপ্ৰয়োগক কেন্দ্ৰ কৰি সংসদৰ ভিতৰ-বাহিৰত ৰাজনৈতিক উত্তেজনা অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। পেলেট গান ব্যৱহাৰৰ নিৰ্দেশৰ পৰা সংসদত অমিত শ্বাহৰ অনুপস্থিতিলৈকে কেইবাটাও বিষয়ত কেন্দ্ৰক জবাবদিহিৰ আওতালৈ অনাৰ চেষ্টা চলায় গগৈয়ে।

শিক্ষা বিষয়ক দুদিনীয়া আলোচনাৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয়, “ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে নিজৰ মতামত আগবঢ়োৱা শিক্ষা বিষয়ক দুদিনীয়া আলোচনা অনুষ্ঠিত হৈছিল। বিজেপি চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়েও বক্তব্য ৰাখিছিল। তেন্তে সেই সময়ত অমিত শ্বাহ ক’ত আছিল? তেওঁ আলোচনাত অংশ নল’লে কিয়?”

কেৱল গৃহমন্ত্ৰী নহয়, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ অনুপস্থিতিক লৈও প্ৰশ্ন তোলে গগৈয়ে। প্ৰায় ১৫ দিন ধৰি বিৰোধীয়ে সংসদত শিক্ষামন্ত্ৰীৰ উপস্থিতি বিচাৰি আহিছে বুলি উল্লেখ কৰি অধিৱেশনৰ শেষ পৰ্যায়তহে চৰকাৰে বিষয়টো লৈ আলোচনা বিচৰাৰ আঁৰত থকা যুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে গগৈয়ে।

এই প্ৰসংগতে সংসদৰ মৰ্যাদা আৰু দায়িত্বৰ কথাও উত্থাপন কৰে গগৈয়ে। তেওঁ কয়, “এয়া কোনো ৰজা-মহাৰজাৰ দৰবাৰ নহয়, য’ত কোনোবাই আলোচনাৰ সময়ত অনুপস্থিত থাকিব পাৰে। এইখন তেওঁৰ শ্ৰেণীকোঠা বা কৰ্মশালা নহয়; এইখন দায়িত্বশীলতাৰ সদন।”

ইফালে, যন্তৰ-মন্তৰৰ প্ৰতিবাদত পেলেট গান ব্যৱহাৰৰ অভিযোগক লৈ গৃহমন্ত্ৰীৰ ওচৰত পোনপটীয়া জবাবদিহি দাবী কৰে গগৈয়ে। এই সন্দৰ্ভত তেওঁ কয়, “পেলেট গান চলোৱাৰ নিৰ্দেশ ক’ৰ পৰা আহিছিল? সেই নিৰ্দেশ তেওঁৰ কাৰ্যালয়ৰ পৰা আহিছিল নেকি, নে তেওঁ এই বিষয়ে অৱগত নাছিল? দুয়োটা ক্ষেত্ৰতে তেওঁ দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰা উচিত।”

যন্তৰ-মন্তৰৰ ঘটনাৰ পিছত সংসদত অমিত শ্বাহৰ বক্তব্যৰ দাবী কৰি বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। বিৰোধীৰ দাবীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই গৃহমন্ত্ৰীৰ বক্তব্যৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে যদিও সংসদীয় কাম-কাজ স্বাভাৱিক কৰাৰ চৰ্তক লৈ দুয়োপক্ষৰ মাজত মতভেদ অব্যাহত আছে।

প্ৰতিবাদী যুৱতীসকলৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈও প্ৰশ্ন তোলে গগৈয়ে। গগৈয়ে কয়, “আপোনাক অপমান কৰিলে আপুনি আঘাত অনুভৱ কৰে। কিন্তু যন্তৰ-মন্তৰত উপস্থিত ছোৱালীসকলক অপমান কৰা সন্দৰ্ভত আজিও আপুনি নীৰৱ হৈ আছে।”

ইয়াৰ উপৰি অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন চুৰিৰ অভিযোগৰ বিষয়টোও সংসদত আলোচনাৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে গৌৰৱ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *