স্থানীয় নামঘৰৰ ভাওনা প্ৰদৰ্শনক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা এটা বিবাদে ল’লে এক ভয়ংকৰ ৰূপ। আৱেগ আৰু ভক্তিৰ পৰিৱেশৰ মাজতে সৃষ্টি হোৱা এই কন্দলৰ পৰিণতিত এটা পৰিয়ালৰ চাৰিগৰাকীকৈ সদস্য চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হ’বলগীয়া হয়। গোলাঘাট জিলাৰ জামুগুৰিৰ অন্তৰ্গত নাগুৰা গাঁৱত বুধবাৰে পুৱতি নিশা এই চাঞ্চল্যৰ ঘটনাটো সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, নামঘৰৰ ভাওনাক লৈ স্থানীয় বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তৰ সৈতে ঋতুপৰ্ণ হাজৰিকা নামৰ এজন ব্যক্তিৰ তীব্ৰ তৰ্কবিতৰ্কৰ সৃষ্টি হৈছিল। এই বাকবিতণ্ডাই পৰৱৰ্তী সময়ত এক হিংসাত্মক ৰূপ ধাৰণ কৰে। অভিযুক্ত ঋতুপৰ্ণ হাজৰিকাই হঠাতে এক চোকা অস্ত্ৰৰে পৰিয়ালটোৰ ওপৰত জপিয়াই পৰে আৰু তেওঁলোকক নিৰ্মমভাৱে আক্ৰমণ কৰে। এই আকস্মিক আৰু বৰ্বৰ আক্ৰমণৰ ফলত বিতুল দত্ত, ইলামণি শইকীয়া, বিজন কৃষ্ণ দত্ত আৰু কমলাক্ষী শইকীয়া নামৰ লোককেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগেই জামুগুৰি আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, এই জঘন্য কাণ্ডৰ সৈতে জড়িত অভিযুক্ত ঋতুপৰ্ণ হাজৰিকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী সফলতাৰ প্ৰতীক হেলিকপ্টাৰখনৰ সন্মুখতে প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ সেনাৰ পাইলটৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ কাইলৈ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি