উচ্চতম ন্যায়ালয়ে মঙলবাৰে মৃত্যুদণ্ডৰ কাৰ্যকৰীকৰণৰ বাবে চলি থকা বৰ্তমানৰ ফাঁচীৰ ব্যৱস্থা বিলুপ্ত কৰাৰ দাবীত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ এই ব্যৱস্থাটোক অসংবিধানিক ঘোষণা কৰিব পৰাকৈ কোনো যুক্তি বা পৰ্যাপ্ত ভিত্তি নাই।

ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাক লৈ গঠিত এআৰু এ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায় প্ৰদান কৰে। শুনানিৰ সময়ত বিচাৰপীঠে মৃত্যুৰ দণ্ড প্ৰদানৰ বাবে বৰ্তমান প্রচলিত ফাঁচী দিয়াৰ পদ্ধতিক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনখন যুক্তিহীন বুলি গণ্য কৰি খাৰিজ কৰা হয়।

ন্যায়ালয়ৰ মতে, বৰ্তমানৰ ফাঁচীৰ আইনী ব্যৱস্থাটোক অসংবিধানিক বুলি আখ্যা দিব পৰাকৈ কোনো ধৰণৰ প্ৰমাণ বা পৰিস্থিতি দেখা পোৱা যোৱা নাই। ইয়াৰ ফলত দেশত মৃত্যুদণ্ডপ্রাপ্ত অপৰাধীৰ বাবে প্রচলিত ফাঁচীৰ নিয়মে বাহাল থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *