দেশত পেট্ৰ’ল আৰু ডিজেলৰ নাটনি হোৱা বুলি ছ’চিয়েল মিডিয়াত চলা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে। দেশত ইন্ধনৰ মজুত পৰ্যাপ্ত পৰিমাণে আছে আৰু যোগান ব্যৱস্থাত কোনো ধৰণৰ ব্যাঘাত জন্মা নাই বুলি প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰি দিয়ে। জনসাধাৰণক কোনো ধৰণৰ উৰাবাতৰিত ভোল নগৈ পেট্ৰ’ল পাম্পত ভিৰ নকৰিবলৈও কৰ্তৃপক্ষই আহ্বান জনায়। ইণ্ডিয়ান অইলৰ তৰফৰ পৰা জনোৱা অনুসৰি, ইন্ধন বিতৰণ নেটৱৰ্কসমূহ স্বাভাৱিকভাৱে চলি আছে আৰু দেশজুৰি অবিৰত যোগান বজাই ৰাখিবলৈ কোম্পানীটো দায়বদ্ধ। কেৱল চৰকাৰী আৰু বিশ্বাসযোগ্য উৎসৰ পৰা পোৱা তথ্যৰ ওপৰতহে ভৰসা কৰিবলৈ গ্ৰাহকসকলক অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ ফেক্ট-চেক গোটেও এনেধৰণৰ খবৰক বিভ্ৰান্তিকাৰী বুলি ইতিমধ্যে চিহ্নিত কৰিছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়েও কিছুদিন পূৰ্বে দেশৰ শক্তি সুৰক্ষাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বিবৃতি দিছিল। বিশ্বজুৰি চলি থকা অস্থিৰতাৰ মাজতো ভাৰতত খাৰুৱা তেল, পেট্ৰ’ল, ডিজেল আৰু বিমানৰ ইন্ধনৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে বুলি তেওঁ আশ্বস্ত কৰিছে। যিকোনো হ্ৰস্বম্যাদী নাটনিৰ মুখামুখি হ’বলৈ দেশখন সম্পূৰ্ণ সাজু বুলিও চৰকাৰে জানিবলৈ দিয়ে। বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে খাৰুৱা তেলৰ তৃতীয় বৃহত্তম আমদানিকাৰী আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ পঞ্চম বৃহত্তম ৰপ্তানিকাৰী দেশ। শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্যিকৰণৰ বাবে যিকোনো আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়তো ভাৰতে ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ সক্ষম। চৰকাৰে ইন্ধনৰ মজুত নিৰীক্ষণ কৰিবলৈ ইতিমধ্যে এটা ২৪ ঘণ্টা সক্ৰিয় কন্ট্ৰ’ল ৰুমো স্থাপন কৰিছে। Share this:FacebookX Related Post navigation সাংবাদিক হত্যাৰ গোচৰৰ পৰা দোষমুক্ত স্বয়ম্ভূ ভগৱান গুৰমিত ৰাম ৰহিমঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায় আইটিচি ছানৰাইজৰ ‘উদয়িনী’ৰ উদ্যোগত নাৰী দিৱসত অসমৰ নাৰী ৰূপান্তৰকাৰীসকলক উদযাপন