আমেৰিকান কংগ্ৰেছৰ দুয়োটা সদনতে ডেম’ক্ৰেটিক পাৰ্টিয়ে লাভ কৰা সম্ভাৱ্য সংখ্যাগৰিষ্ঠতা আৰু ঐতিহাসিক সফলতাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেটিক দলৰ নেতা বাৰাক ওবামাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সামাজিক মাধ্যম এক্স-ৰ জৰিয়তে প্ৰকাশ কৰা এক বিবৃতিত পূৰ্বৰ ৰাষ্ট্ৰপতি ওবামাই উল্লেখ কৰে যে দেশৰ জনসাধাৰণে বিভাজনৰ পৰিৱৰ্তে ঐক্য আৰু সমস্যাৰ বাস্তৱসন্মত সমাধান বিচৰাৰ স্পষ্ট ইংগিত দিছে। তেওঁ কয়-আজিনিশা আমেৰিকাৰ জনসাধাৰণে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকে এনে এক ৰাজনীতি বিচাৰে যিয়ে মানুহক ভাগ ভাগ কৰাৰ সলনি একত্ৰিত কৰে। তেওঁলোকে এনে নেতৃত্ব বিচাৰে যিয়ে তেওঁলোকৰ প্ৰত্যাহ্বানসমূহৰ এক সঁচা তথা শক্তিশালী সমাধান আগবঢ়াব পাৰে।

দেশৰ প্ৰতিটো প্ৰান্তত অৱতীৰ্ণ হোৱা আমাৰ উৎকৃষ্ট প্ৰাৰ্থীসকলৰ বাবেই এই ফলাফল সম্ভৱ হৈ উঠিছে—যিসকলৰ ভিতৰত এনে কিছুমান অঞ্চলৰ প্ৰাৰ্থীও আছে, যিবোৰত পূৰ্বে জয়ৰ সম্ভাৱনা অতি ক্ষীণ বুলি ধৰা হৈছিল। এই প্ৰাৰ্থীসকল বিভিন্ন পটভূমিৰ পৰা আহিছিল আৰু ভিন্ন ভিন্ন ৰাজনৈতিক চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু তেওঁলোক সকলো উমৈহতীয়া মূল্যবোধ, জনসেৱাৰ প্ৰতি বিশ্বাস আৰু নিজ নিজ সমষ্টিৰ মানুহক অগ্ৰাধিকাৰ দিয়াৰ অংগীকাৰৰ দ্বাৰা একত্ৰিত হৈ আছিল।আমি দুয়োটা দলৰে হাজাৰ হাজাৰ নিৰ্বাচনী বিষয়া আৰু স্বেচ্ছাসেৱকসকলৰ ওচৰতো কৃতজ্ঞ, যিসকলে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিলে।

তেওঁলোকে আমাৰ গণতন্ত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব অত্যন্ত নিষ্ঠাৰে পালন কৰিলে। এই প্ৰশাসনৰ হাতত এতিয়াও আৰু দুবছৰ সময় বাকী আছে। এতিয়া আমাৰ কাম হৈছে সমগ্ৰ শক্তিৰে কামত জঁপিয়াই পৰা, য’তেই আমাৰ ক্ষমতা আছে ত’তেই পৰিৱৰ্তন অনা, ভৱিষ্যতে হ’ব পৰা ক্ষয়-ক্ষতি ৰোধ কৰা আৰু এক শক্তিশালী ভৱিষ্যতৰ ভেটি গঢ়ি তোলা। উল্লেখ্য যে, নিৰ্বাচনী ফলাফল স্পষ্ট হৈ অহাৰ পিছতে ড’নাল্ড ট্ৰাম্পেও মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফল গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *