নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ভাৰতীয় গ্ৰাহকসকলৰ বাবে চিএনজি-চালিত বাহন অধিক সুলভ কৰি তোলাৰ উদ্দেশ্যে এক সীমিত সময়ৰ উৎসৱকালীন অফাৰ ঘোষণা কৰিছে। এই ফেষ্টিভ অফাৰৰ অধীনত কোম্পানীটোৱে মেগনাইট আৰু গ্ৰেভাইট মডেলৰ নিৰ্বাচিত ভেৰিয়েণ্টত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ চিএনজি ৰেট্ৰ’ফিটমেণ্ট প্ৰদান কৰিব।

এই অফাৰৰ অধীনত মেগনাইটৰ যোগ্য ভেৰিয়েণ্ট ক্ৰয় কৰা গ্ৰাহকসকলে ৭৪,৯৯৯ টকা মূল্যৰ চিএনজি ৰেট্ৰ’ফিটমেণ্ট বিনামূলীয়াকৈ লাভ কৰিব পাৰিব, আনহাতে গ্ৰেভাইটৰ ক্ষেত্ৰত এই সুবিধাৰ মূল্য ৮৫,৯৯৯ টকা ধাৰ্য কৰা হৈছে। চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত এই ৰেট্ৰ’ফিটমেণ্ট কিটসমূহ বাহনখনৰ মানদণ্ডযুক্ত প্ৰডাক্ট ৱাৰেণ্টীৰ উপৰিও তিনি বছৰ বা ১,০০,০০০ কিলোমিটাৰৰ থাৰ্ড-পাৰ্টী ৱাৰেণ্টীৰ সৈতে উপলব্ধ হ’ব।

এই অফাৰ ২০২৬ৰ ১৬ নৱেম্বৰ পৰ্যন্ত বাহাল থাকিব। ইয়াৰ ভিতৰত মেগনাইটৰ যোগ্য নন-টাৰ্বো ভেৰিয়েণ্টসমূহ অন্তৰ্ভুক্ত কৰা হৈছে (কেৱল ভিচিয়া এমটি, ভিচিয়া ইজেড-শ্বিফ্ট আৰু ভিচিয়া+ এমটিক বাদ দি), লগতে গ্ৰেভাইটৰ যোগ্য টেক্না ভেৰিয়েণ্টসমূহো ইয়াৰ আওতাত পৰিব।

গ্ৰেভাইট মডেলটোত এই ছেগমেণ্টৰ ভিতৰত প্ৰথমবাৰৰ বাবে এটা স্মাৰ্ট টুইন-চিলিণ্ডাৰ চিএনজি চিষ্টেম ব্যৱহাৰ কৰা হৈছে, যাৰ ক্ষমতা ২x২৫ লিটাৰ। ইয়াক এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে বাহনখনৰ ৭খন আসনৰ গাঁথনি আৰু দৈনন্দিন ব্যৱহাৰৰ উপযোগিতা অক্ষুণ্ণ থাকে।

নিচানে প্ৰকাশ কৰা অনুসৰি এই পদক্ষেপৰ জৰিয়তে ভাৰতীয় পৰিয়ালসমূহক ব্যৱহাৰিক আৰু মিতব্যয়ী যাতায়তৰ বিকল্প প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কোম্পানীটোৱে প্ৰচাৰৰ বাবে এটা বিশেষ ভিডিঅ’ মুকলি কৰিছে, য’ত পৰিয়ালৰ যাত্ৰা আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *