আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে অসমৰ সংশোধিত খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। মঙলবাৰে জনতা ভৱনত আয়োজিত এক সংবাদমেলত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সদৰী কৰা মতে, অহা ১০ ফেব্ৰুৱাৰীত ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ পাব। বিশেষ পুনৰীক্ষণ অভিযানৰ পাছত প্ৰস্তুত কৰা এই খচৰা তালিকাত পূৰ্বৰ তুলনাত ১.৩৫ শতাংশ ভোটাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

প্ৰকাশিত খচৰা তালিকা অনুসৰি, ৰাজ্যত বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ গৰাকী। ইয়াৰে ১,২৫,৭২,৫৮৩ জন পুৰুষ, ১,২৬,২৮,৬৬২ গৰাকী মহিলা আৰু ৩৭৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ ৫১-দলগাঁও বিধানসভা সমষ্টিত সৰ্বাধিক ৩,১৮,৩২৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ১১২-আমৰি সমষ্টিত সৰ্বনিম্ন ১,০০,৩১৯ গৰাকী ভোটাৰ আছে। আনহাতে, সমগ্ৰ ৰাজ্যত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৩১,৪৮৬ টা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে, পৰীক্ষণকালত প্ৰায় ৪.৭৮ লাখ মৃত ভোটাৰ আৰু ৫.২৩ লাখ স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে। এই নামসমূহ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নাগৰিকসকলে অহা ২২ জানুৱাৰীৰ ভিতৰত প্ৰয়োজনীয় প্ৰ-পত্ৰযোগে আবেদন জনাব পাৰিব। ইফালে, প্ৰথমবাৰৰ বাবে গাঁওসভাসমূহৰ জৰিয়তে ৰাইজৰ সন্মুখত খচৰা ভোটাৰ তালিকা পাঠ কৰাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে ৩, ৪ অথবা ১০, ১১ জানুৱাৰীত এই প্ৰক্ৰিয়া সম্পন্ন হ’ব।

তদুপৰি নিৰ্বাচনৰ দিন ঘোষণাৰ সন্দৰ্ভত ইংগিত দি গোৱেলে কয় যে ফেব্ৰুৱাৰীৰ শেষৰ ফালে অথবা জানুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহত নিৰ্বাচনী দিনৰ জাননী জাৰি হোৱাৰ সম্ভাৱনা আছে। ত্ৰুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰাৰ বাবে অনলাইনযোগে আবেদনৰ সুবিধা প্ৰদান কৰা হৈছে। কোনো আবেদনকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ সিদ্ধান্তত সন্তুষ্ট নহ’লে জিলা দণ্ডাধীশ বা মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত আপীল কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *