দুজন উদীয়মান চিকিৎসা বিজ্ঞানৰ ছাত্ৰক আগবঢ়াই থবলৈ অহা এক যাত্ৰাৰ পৰিণতি অৱশেষত এক অবৰ্ণনীয় ট্ৰেজেডীৰে সামৰণি পৰিল। মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ এটা পৰিয়ালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া, পত্নী আৰু পুত্ৰসহ মৃত্যুক সাৱটে ৪জনকৈ লোকে।

আৰক্ষী আৰু ট্ৰেফিক শাখাৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১১:৩০ বজাত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। নিহতসকলক ক্ৰমে অৰুণাচল চৰকাৰৰ পশুপালন বিভাগৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া তথা ‘বাছাৰ আও ৱেলফেয়াৰ এছ’চিয়েশ্যন’ৰ সভাপতি ডাঃ লিগে বাছাৰ, তেওঁৰ পত্নী কুংগা ডইমা, তেওঁলোকৰ পুত্ৰ তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ গেমাৰ বাছাৰ আৰু গেমাৰৰ সহপাঠী তথা বন্ধু কৰ্মা এছ খিৰমে বুলি চিনাক্ত কৰা হৈছে।

ক্ষেত্ৰী ট্ৰেফিক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, “গুৱাহাটী অভিমুখী এ আৰ ০১ কিউ ০০৪২ নম্বৰৰ মহিন্দ্ৰা বলেৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। সংঘৰ্ষটো ইমানেই তীব্ৰ আছিল যে বলেৰ’ বাহনখনত থকা আটাইকেইজন যাত্ৰীৰে থিতাতে মৃত্যু হয়।”

পাৰিবাৰিক সূত্ৰই জানিবলৈ দিয়া মতে, ত্ৰিপুৰাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা পুত্ৰ গেমাৰ বাছাৰ আৰু তেওঁৰ বন্ধুক গুৱাহাটীৰ পৰা আগবঢ়াই থবৰ বাবে ডাঃ বাছাৰে পত্নীসহ এই যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু গন্তব্য স্থান পোৱাৰ পূৰ্বেই সংঘটিত এই দুৰ্ঘটনাই এটা সম্পূৰ্ণ পৰিয়াল নিঃশেষ কৰি পেলালে। বৰ্তমান এই দম্পতীহালৰ কেৱল একমাত্ৰ কন্যা জীয়াই আছে, যিয়ে ৰাজ্যৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে।

এজন নিষ্ঠাবান চৰকাৰী বিষয়া আৰু সমাজকৰ্মী হিচাপে জনাজাত ডাঃ বাছাৰৰ লগতে দুজন প্ৰতিভাৱান ভৱিষ্যতৰ চিকিৎসকৰ এনে অকাল মৃত্যুৰ খবৰে অৰুণাচলৰ জনসাধাৰণক স্তব্ধ কৰি তুলিছে। ক্ষেত্ৰী আৰক্ষীৰ এটা দলে ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কি পৰিস্থিতিত এই তীব্ৰবেগী বাহনখনে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰিলে, সেই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান এক গভীৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *