তথাকথিত ইনফ্লুৱেন্সাৰে উদ্ভণ্ডালি চলোৱাৰ ঘটনা ভাৰতত নতুন নহয়। কিন্তু এইবাৰ বিদেশৰ মাটিত ভাৰতৰ নাক কাটিলে তথাকথিত এই ইনফ্লুৱেন্সাৰে। ভিয়েটনামৰ হো চি মিন চিটিৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত শিশুৰ আচৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে ইমানেই ভয়ংকৰ ৰূপ লয় যে ভাৰতীয় এটা পৰিয়ালৰ বিৰুদ্ধে ৰেষ্টুৰেণ্টৰ সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে কৰ্মচাৰীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তৃপক্ষই।

ঘটনাটো হো চি মিন চিটিৰ পৰ্যটকপ্ৰধান ডিষ্ট্ৰিক্ট–১ত অৱস্থিত ‘বম্বে বাইটছ এইচচিএম’ নামৰ ভাৰতীয় ৰেষ্টুৰেণ্টখনত সংঘটিত হয়। ৰেষ্টুৰেণ্টখনৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি, পৰিয়ালটোৰ শিশুসকলে ভিতৰত সোমোৱাৰ লগে লগে টেবুলৰ টিছু কাগজ ইফালে-সিফালে দলিয়াবলৈ আৰম্ভ কৰে।

ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী মনমীত সিঙে জানিবলৈ দিয়া মতে, কৰ্মচাৰীয়ে শিশু কেইটাক নম্ৰভাৱে এনে নকৰিবলৈ অনুৰোধ জনোৱাৰ পাছতো তেওঁলোকে একেই কাম অব্যাহত ৰাখে। অভিযোগ অনুসৰি, শিশুসকলক বাধা দিয়াৰ সলনি অভিভাৱকেই তেওঁলোকৰ হাতত আৰু টিছু তুলি দিয়ে। পিছত কৰ্মচাৰীয়ে পুনৰ হস্তক্ষেপ কৰাত পৰিয়ালটোৱে উত্তেজিত হৈ ৰেষ্টুৰেণ্টখনৰ সামগ্ৰী ক্ষতিগ্ৰস্ত কৰাৰ লগতে কৰ্মচাৰীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে।

মনমীত সিঙৰ পত্নী ঐশ্বৰ্য খান্না সিঙে কয় যে, কৰ্মচাৰীসকলক অশালীন ভাষাৰে গালি-গালাজ কৰাৰ উপৰি ৰেষ্টুৰেণ্টৰ সম্পত্তিও ক্ষতিগ্ৰস্ত কৰা হয়। তেওঁলোকক প্ৰভাৱিত কৰিবলৈ পৰিয়ালটোৱে নিজকে ‘ইনফ্লুৱেঞ্চাৰ’ বুলিও পৰিচয় দিয়াৰ চেষ্টা কৰিছিল।

ঐশ্বৰ্য খান্না সিঙে স্পষ্টভাৱে উল্লেখ কৰে যে, ৰেষ্টুৰেণ্ট কোনো খেলপথাৰ নহয় আৰু কৰ্মচাৰীসকল কাৰো ক্ষোভ উজাৰ কৰাৰ লক্ষ্যও নহয়। তেওঁৰ মতে, সামাজিক প্ৰভাৱ বা জনপ্ৰিয়তা থাকিলেই কোনো ব্যক্তি মৌলিক শিষ্টাচাৰৰ ঊৰ্ধ্বত নাযায়। শিশুক দায়িত্ববোধ, ৰাজহুৱা সম্পত্তিৰ প্ৰতি সন্মান আৰু জনসমাগমস্থলীৰ নিয়ম মানিবলৈ শিকোৱাটো অভিভাৱকৰ অন্যতম দায়িত্ব।

ইফালে, ঘটনাটো স্থানীয় আৰক্ষীক অৱগত কৰা হৈছে। মনমীত সিঙে জানিবলৈ দিয়া মতে, পৰিয়ালটো পুনৰ ৰেষ্টুৰেণ্টলৈ আহি অশান্তি সৃষ্টি কৰিলে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ পৰামৰ্শ দিছে আৰক্ষীয়ে। সেইক্ষেত্ৰত আনুষ্ঠানিক গোচৰ ৰুজু কৰা হ’ব।

আনহাতে, অভিযুক্ত পৰিয়ালটো দিল্লীৰ বাসিন্দা বুলি জানিবলৈ দি মনমীত সিঙে অভিযোগ কৰে যে, বিদেশত কিছুমান ভাৰতীয় পৰ্যটকৰ এনে আচৰণৰ বাবেই বিভিন্ন দেশে ভাৰতীয় ভ্ৰমণকাৰীৰ ওপৰত অধিক কঠোৰ মনোভাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। তেওঁৰ দাবী অনুসৰি, ঘটনাৰ পিছতে পৰিয়ালটোৱে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহো ডিলিট কৰিছে।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে পৰ্যটকৰ আচৰণ, শিশুক শিষ্টাচাৰ শিক্ষা দিয়াৰ দায়িত্ব আৰু আতিথ্য উদ্যোগৰ কৰ্মচাৰীসকলৰ প্ৰতি ব্যৱহাৰক লৈ ব্যাপক আলোচনা আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *