ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ মঙলবাৰে গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বিমানবন্দৰত উপস্থিত হৈ তেওঁ নতুন চৰকাৰখনৰ বাবে অসমবাসীক অভিনন্দন জনোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰত সহায় কৰা বিজেপি কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এতিয়া চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে উন্নয়নৰ এক নতুন যাত্ৰা আৰম্ভ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

অসম আৰু ত্ৰিপুৰাত বিজেপি চৰকাৰ থকাৰ বাবে অনুপ্ৰৱেশৰ সমস্যা প্ৰায় শেষ হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শুভেন্দু অধিকাৰীয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “পূৰ্বৰ চৰকাৰে বি এছ এফক ভূমি পৰ্যন্ত আবণ্টন দিয়া নাছিল। এতিয়া অসম আৰু ত্ৰিপুৰাৰ দৰে পশ্চিমবংগতো অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।” ইয়াৰ উপৰিও ওড়িশা, বিহাৰ আৰু ছিকিমৰ দৰে ৰাজ্যসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে একগোট হৈ কাম কৰিব বুলিও তেওঁ মন্তব্য কৰে।

ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি ড° হিমন্ত বিশ্ব শৰ্মাক নিজৰ ‘ককাইদেউ’ বুলি অভিহিত কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে শৰ্মাৰ নেতৃত্ব দিয়াৰ শৈলীৰ পৰা তেওঁ বহুত কথা শিকিবলৈ পাইছে। এজন অতি সৰল আৰু তৃণমূল পৰ্যায়ৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ দৰে শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰিব। এই ভব্য সমাৰোহত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপস্থিতিৰ বাবে প্ৰশাসনে ব্যাপক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। শুভেন্দু অধিকাৰীৰ এই গুৱাহাটী ভ্ৰমণে এতিয়া দুই ৰাজ্যৰ মাজত ৰাজনৈতিক আৰু উন্নয়নমূলক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ইংগিত দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *