আম আদমি পাৰ্টি ত্যাগ কৰিলে সাংসদ ৰাঘৱ চাড্ডাই। দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ পাছত শুকুৰবাৰে ৰাজ্যসভাৰ সাতগৰাকী সাংসদৰ সৈতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ৰাঘৱ চাড্ডাৰ উপৰি এই দলটোত আছে সন্দীপ পাঠক, অশোক মিট্টাল, স্বাতী মালিৱাল আৰু হৰভজন সিঙৰ দৰে প্ৰভাৱশালী নেতা। দলটোৰ মূল আদৰ্শৰ পৰা বিচ্যুত হোৱাৰ অভিযোগ তুলি শুকুৰবাৰে নতুন দিল্লীত এক সংবাদমেলযোগে তেওঁলোকে গেৰুৱা শিবিৰত যোগ দিয়াৰ কথা ঘোষণা কৰে। আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ দুই-তৃতীয়াংশ সাংসদ একত্ৰিত হৈ সাংবিধানিক ব্যৱস্থাৰ অধীনত বিজেপিৰ সৈতে বিলীন হোৱাৰ সিদ্ধান্ত লয়। সংবাদমেলত চাড্ডাই কয়, “যিটো দলক মই তেজ-ঘামেৰে গঢ়ি তুলিছিলোঁ, সেই দলটোৱে এতিয়া ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰিবলৈ লৈছে। মই উপলব্ধি কৰিছোঁ যে মই এজন সঠিক মানুহ আছিলোঁ যদিও ভুল দলত আছিলোঁ।” ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ উন্নয়নৰ বাবে কাম কৰিবলৈ তেওঁলোক উৎসাহী বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে। উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি ৰাজ্যসভাৰ নেতাৰ পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ কৰাক কেন্দ্ৰ কৰি আপৰ ভিতৰচ’ৰাত এক তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছিল। এই ঘটনাৰ পাছতে হৰভজন সিং আৰু স্বাতী মালিৱালৰ দৰে সাংসদসকলে ৰাঘৱ চাড্ডাৰ নেতৃত্বত বিজেপিৰ হাত ধৰাৰ সিদ্ধান্ত লয়। দিল্লীৰ শাসনত থকা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৰ বাবে এইয়া এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় ৰাজনীতিত ঘটা এই পৰিৱৰ্তনে এতিয়া বিৰোধী শিবিৰত এক ব্যাপক জোকাৰণিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। Share this:FacebookX Related Post navigation বিজে মছলা উদ্যোগৰ বাটকটীয়া, ‘বিকাজী’ৰ প্ৰতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ