হাই এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ-ওড়িশাত ৷ মঙলবাৰে নিশা কাকিনাদাৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজেৰে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰমৰ সম্ভাৱনা আছে মন্থাৰ ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি কৰিছে সতৰ্কতাবাণী ৷ মঙলবাৰে নিশা এই সাগৰীয় ধুমুহাই কোবাই যাব বংগোপসাগৰৰ সমীপৱৰ্তী অঞ্চলসমূহ ৷

বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে এই ঘূৰ্ণীবতাহজাকে ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, সোমবাৰে পুৱা ৫.৩০ বজাত দক্ষিণ-পশ্চিম আৰু সমীপৱৰ্তী দক্ষিণ-পূব উপসাগৰৰ ওপৰৰে ঘূৰ্ণীবতাহজাকে প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশ অভিমুখে গতি কৰে ৷

আনহাতে, একেটা অঞ্চলকে কেন্দ্ৰ কৰি চেন্নাই(তামিলনাডু)ৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, কাকিনাড়া(অন্ধ্ৰপ্ৰদেশ) ৰ পৰা ৬২০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে, বিশাখাপট্টনম (অন্ধ্ৰপ্ৰদেশ) ৰ পৰা ৬৫০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে, প’ৰ্টব্লেয়াৰৰ পৰা ৮১০ কিলোমিটাৰ পশ্চিমে (আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ) আৰু গোপালপুৰ(ওড়িশা)ৰ পৰা ৭৯০ কিলোমিটাৰ দক্ষিণত সাগৰীয় ঘূৰ্ণীবতাহজাকে কোবাই যোৱাৰ সম্ভাৱনা আছে ৷সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰে এই আঠখন জিলাত ওড়িশা দুৰ্যোগ ৰেপিড এক্সন ফ’ৰ্চৰ ২৪ টা দল, এন ডি আৰ এফৰ পাঁচটা আৰু ৯৯ টা অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ লগতে ৫০০০ ৰো অধিক উচ্চ দক্ষতাসম্পন্ন জোৱান নিয়োগ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ তদুপৰি উদ্ধাৰ অভিযানৰ বাবে প্ৰতিখন জিলা প্ৰশাসনক সম্পূৰ্ণ সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *