বিশ্ববিখ্যাত জাৰ্মান ৰক বেণ্ড স্কৰ্পিয়নছৰ বহু প্ৰত্যাশিত ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যাপক উছাহ এতিয়া নিৰাশাত পৰিণত হ’ল। বেণ্ডটোৰ সদস্যসকলৰ হঠাৎ হোৱা শাৰীৰিক অসুস্থতাৰ বাবে মেঘালয়ৰ শ্বিলংসহ দেশৰ চাৰিখনকৈ চহৰত অনুষ্ঠিত হ’বলগীয়া আটাইকেইখন সংগীতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা ২১ এপ্ৰিলৰ পৰা শ্বিলঙৰ জে এন ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’বলগীয়া এই ভ্ৰমণসূচীত এতিয়া অনাকাংক্ষিত স্বাস্থ্যজনিত কাৰণত যতি পৰিছে।

আয়োজনকাৰী প্ৰতিষ্ঠান বুক মাই শ্ব’ লাইভে সামাজিক মাধ্যমৰ এক পোষ্টৰ জৰিয়তে এই দুৰ্ভাগ্যজনক ঘোষণা কৰে। বেণ্ডৰ সদস্যসকলৰ চিকিৎসা সংক্ৰান্তীয় জটিলতাৰ বাবে শ্বিলঙৰ উপৰি দিল্লী-এন চি আৰ, বাংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া কামিঙ হোম ট্যুৰ সম্পূৰ্ণৰূপে বাতিল কৰা হয়। অনুৰাগীৰ মাজত সৃষ্টি হোৱা এই হতাশাজনক পৰিস্থিতিৰ বাবে আন্তৰিক দুখ প্ৰকাশ কৰে উদ্যোক্তাসকলে। টিকটৰ সমুদায় ধন অহা ৭ৰ পৰা ১০ দিনৰ ভিতৰত গ্ৰাহকসকলক স্বয়ংচালিতভাৱে ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আয়োজক পক্ষই।

স্কৰ্পিয়নছৰ এই ভাৰত ভ্ৰমণক লৈ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত প্ৰেমীসকলৰ মাজত এক বিৰল উন্মাদনাৰ সৃষ্টি হৈছিল। ইয়াৰ পূৰ্বে ২০০৭ চনত বেণ্ডটোৱে শ্বিলঙত এক সংগীতানুষ্ঠান পৰিৱেশন কৰি ইতিহাস ৰচনা কৰিছিল। দীৰ্ঘ ১৯ বছৰৰ বিৰতিৰ পাছত পুনৰ ৰক সংগীতৰ এই কিংবদন্তি বেণ্ডটোক লাইভ উপভোগ কৰাৰ যি হেঁপাহ আছিল, এতিয়া সেইয়া অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়ে বেণ্ডটোৰ অসুস্থতাই। অৱশ্যে ভবিষ্যতে সুযোগ পালে বেণ্ডটোৱে পুনৰ ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

উইণ্ড অফ চেঞ্জ আৰু ব্লেকআউটৰ দৰে কালজয়ী গীতৰ স্ৰষ্টা স্কৰ্পিয়নছে ২০০১ চনত বাংগালুৰুত আৰু ২০০৭ চনত দেশৰ কেইবাখনো চহৰত সফল সংগীত যাত্ৰা চলাইছিল। উত্তৰ-পূৰ্বাঞ্চলত আন্তৰ্জাতিক ৰক সংগীতৰ এক সুকীয়া পৰিচয় থকাৰ বাবে শ্বিলঙৰ এই কনচাৰ্ট বাতিল হোৱা বিষয়টোৱে অনুৰাগীসকলৰ মাজত এক নিৰাশাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *