মৰিয়নী বিধানসভা সমষ্টিত ধাৰাবাহিক বিজয়ৰ ধাৰা অব্যাহত ৰাখি বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ২০২৯ চনৰ নিৰ্বাচনৰ বাবে বিৰোধীলৈ এক তীব্ৰ প্ৰত্যাহ্বান জনায়। সোমবাৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত নিজৰ বিজয় নিশ্চিত কৰি উৎসাহিত হৈ পৰা কুৰ্মীয়ে মৰিয়নীৰ ৰাজনীতিত তেওঁৰ একছত্ৰী আধিপত্যৰ কথা দোহাৰে। মৰিয়নীৰ ভোটাৰে তেওঁৰ ওপৰত দেখুওৱা আস্থাৰ পাছত তেওঁ এতিয়াৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ যুঁজখনৰ বাবে মানসিকভাৱে সাজু হোৱাৰ ইংগিত দিয়ে। বিজয় সাব্যস্ত কৰাৰ পাছত সাংবাদিকৰ মুখামুখি হৈ ৰূপজ্যোতি কুৰ্মীয়ে কয়, “সাহস আছে যদি ২০২৯ চনত মোক মৰিয়নীত হৰুৱাই দেখুৱাওক। মই নিৰ্বাচন নেখেলিলেও মোৰ পত্নীয়ে নিৰ্বাচন খেলিলেও জিকিব। কাৰণ মৰিয়নীৰ ৰাইজে মোক ভাল পায় আৰু মই ৰাইজৰ কাম কৰোঁ।” তেওঁ লগতে উল্লেখ কৰে যে মৰিয়নীত কংগ্ৰেছ বা আন কোনো আঞ্চলিক শক্তিৰ এতিয়া কোনো স্থিতি নাই আৰু বিৰোধীয়ে ২০২৯ চনত অৱতীৰ্ণ হ’বলৈ এতিয়াৰে পৰাই কষ্ট কৰিব লাগিব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক ২৬,৮৪০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়। জ্ঞানশ্ৰী বৰাই ৫২,৭৯২ টা ভোট লাভ কৰিছিল যদিও কুৰ্মীৰ ৭৯,৬৩২ টা ভোটৰ আগত সেয়া পৰ্যাপ্ত নাছিল। বিশেষকৈ চাহ জনজাতি অধ্যুষিত অঞ্চলসমূহৰ ভোট কুৰ্মীৰ পক্ষত যোৱাৰ ফলতে তেওঁ এই বৃহৎ বিজয় সাব্যস্ত কৰে। মৰিয়নীৰ এই বিজয়ী প্ৰাৰ্থীগৰাকীয়ে লগতে দাবী কৰে যে তেওঁ কেৱল এজন বিধায়ক হিচাপেই নহয়, এজন সাধাৰণ কৰ্মী হিচাপে সদায় ৰাইজৰ মাজত থাকে। এই আত্মবিশ্বাসেৰে তেওঁ বিৰোধীক প্ৰত্যাহ্বান জনাই কয় যে মৰিয়নীত তেওঁৰ পৰিয়ালৰ প্ৰতি থকা জনসাধাৰণৰ আস্থাক কোনেও জোকাৰিব নোৱাৰে। বিজয়ৰ পাছতে কুৰ্মীৰ এই আক্ৰমণাত্মক স্থিতি এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰিছে। Share this:FacebookX Related Post navigation বিজেপিৰ জয়ৰ পাছতে বেদখলকাৰীৰ বিৰুদ্ধে কড়া পদক্ষেপৰ কথা মুখ্যমন্ত্ৰীৰ অসম বিধানসভা নিৰ্বাচনত গেৰুৱা মিত্ৰজোঁটৰ ঐতিহাসিক বিজয়; সত্য প্ৰমাণিত হ’ল মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী