ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে প্ৰতিষ্ঠানটোৰ বহু প্ৰত্যাশিত নতুন এছইউভিখনে আইকনিক নেমপ্লেট – ডাষ্টাৰৰ উত্তৰাধিকাৰ আগুৱাই নিব। মূলতঃ ২০১২ চনত ভাৰতত মুকলি কৰা ৰেনল্ট ডাষ্টাৰখনে এছইউভিৰ পৰিৱেশক পুনৰ সংজ্ঞায়িত কৰিছিল আৰু এনে এটা ছেগমেণ্টৰ পথ প্ৰদৰ্শক আছিল যি আজি যাত্ৰীবাহী বাহনৰ বজাৰৰ প্ৰায় এক চতুৰ্থাংশ। ইয়াৰ লগতে, ভাৰতত ব্ৰেণ্ডটোৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নীতি ২০২৭ৰ অধীনত মুকলি হ’বলগীয়া প্ৰথমখন বাহন হ’ব ডাষ্টাৰ। গাড়ীখন হৈছে কোম্পানীৰ ভাৰত কেন্দ্ৰিক ৰূপান্তৰ কৌশলৰ এক মূল স্তম্ভ। সেয়েহে ৰেনল্ট ক্ৰয়ৰ কথা আজিয়েই পুনৰ বিবেচনা কৰক। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰেনল্ট গ্ৰুপ ইণ্ডিয়াৰ চিইঅ’ ষ্টিফেন ডেব্লাইজে কয়, “ৰেনল্ট ডাষ্টাৰ কেৱল এটা নামেই নহয়-ই এক আচল লেজেণ্ড।  দুঃসাহসিক অভিযান, নিৰ্ভৰযোগ্যতা আৰু উদ্ভাৱনৰ প্ৰতীক হিচাপে ৰেনল্টৰ প্রত্যাৱর্তনে ভাৰতীয় বজাৰৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু আমাৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা বাহন আগবঢ়োৱাৰ ইচ্ছা প্ৰদৰ্শন কৰে।  নতুন ৰেনলট ডাষ্টাৰে আধুনিক ডিজাইন, উন্নত প্ৰযুক্তি আৰু উন্নত প্ৰদৰ্শন অব্যাহত ৰখাৰ সময়ছোৱাত নিজৰ প্ৰতিষ্ঠিত ঐতিহ্যৰ ওপৰত নিৰ্ভৰ কৰিব।”

এই ঘোষণাই ভাৰতীয় অটোমোটিভ উৎসাহীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ সূচনা কৰিছে, যিসকলৰ বহুতে প্ৰিয় এছইউভিৰ উভতি অহাৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল।  বিশ্বজুৰি প্ৰায় ১.৮ মিলিয়ন গ্ৰাহক আৰু ভাৰতত ২০০,০০০তকৈও অধিক সুখী মালিকীস্বত্ত্বৰ সৈতে ৰেনল্ট ডাষ্টাৰে এক বিশেষ অনুসৰণকাৰী অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ৰেনল্টৰ বিশ্বব্যাপী পৰ্টফলিঅ’ত আটাইতকৈ সফল এছইউভিৰ ভিতৰত অন্যতম হৈ আছে।  এই আইকনটো ২০২৬ চনৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত উন্মোচন কৰা হ’ব।  তেতিয়ালৈকে অপেক্ষা প্ৰগ্ৰেমত আজিয়েই যোগদান কৰি লুপত থাকক।

Leave a Reply

Your email address will not be published. Required fields are marked *