বিগত ৪ বছৰত এক শক্তিশালী ব্যৱসায়িক বৃদ্ধিৰ পিছত ট্ৰাক আৰু বাছ ব্যৱসায়ত নিজৰ পদাংক আৰু অধিক শক্তিশালী কৰাৰ আকাংক্ষাৰে মহিন্দ্ৰাই এই ফেষ্টিভ ছিজনত ১০টা নতুন ডিলাৰশ্বিপ উদ্বোধন কৰিছে। এই দহটা অত্যাধুনিক থ্ৰী এছ ডিলাৰশ্বিপ গুৱাহাটী, হালদুৱানি, হিছাৰ, ভূপাল, হুবলি, ৰায়পুৰ, মুজাফৰপুৰ, জলন্ধৰ, দুৰ্গাপুৰ আৰু কানপুৰত অৱস্থিত, যিয়ে চালকৰ থকাৰ ব্যৱস্থা, ২৪ ঘণ্টাৰ ব্রেকডাউন সমৰ্থন আৰু এডব্লু উপলব্ধতাৰ উপৰিও প্ৰতিদিনে ১০০ৰো অধিক বাহন সেৱা আগবঢ়োৱাৰ সামগ্ৰিক ক্ষমতাৰে আন ৬০খন বাহন সেৱা বে(চাৰ্ভিছ বে) যোগ কৰিছে। এই অনুষ্ঠানত বক্তব্য ৰাখি ট্ৰাক, বাছ আৰু নিৰ্মাণ সঁজুলি, এৰ’স্পেচ আৰু প্ৰতিৰক্ষা শাখাৰ অধ্যক্ষ, এছএমএল ইচুজু লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ আৰু গ্ৰুপ এক্সিকিউটিভ বৰ্ডৰ সদস্যই এই বিষয়ে কয় যে, “নতুনকৈ ১০টা ৩এছ ডিলাৰশ্বিপৰ সংযোজনে ট্ৰাক আৰু বাছ ব্যৱসায়ৰ প্ৰতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি আৰু আমাৰ শক্তিশালী বিকাশৰ আকাংক্ষাক অধিক শক্তিশালী কৰিছে।

এছএমএলৰ লগতে এতিয়া প্ৰতিষ্ঠানটোৰ অধীনত ৬০০ৰো অধিক বিক্ৰী আৰু সেৱা টাচপইণ্টৰ সামগ্ৰিক শক্তি আৰু অতিৰিক্ত খুচুৰা বিপণীৰ এক বিশাল আৰু সম্প্ৰসাৰিত নেটৱৰ্ক আছে, যি আমাৰ গ্ৰাহকসকলক বিশ্বমানৰ গ্ৰাহক সেৱা অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে। মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে এতিয়া ট্ৰাক আৰু বাছৰ বজাৰ অংশীদাৰিত্ব প্ৰায় ৭%, আইএণ্ডএলচিভি বাছৰ বজাৰ অংশীদাৰিত্ব ২৪%। আমি ২০৩১ বিত্তীয় বৰ্ষৰ ভিতৰত আমাৰ বজাৰ অংশীদাৰিত্ব ১০-১২% আৰু ২০৩৬ বিত্তীয় বৰ্ষৰ ভিতৰত ২০%ৰ ওপৰত বৃদ্ধি কৰাৰ লক্ষ্য লৈছো।

মহিন্দ্ৰা ট্ৰাক, বাছ আৰু নিৰ্মাণ সঁজুলিৰ ব্যৱসায়িক মুৰব্বী তথা এছএমএল ইচুজু লিমিটেডৰ ইডি আৰু চিইঅ’ ড০ ভেংকট শ্ৰীনিবাসে লগতে কয় যে,”আমাৰ সমগ্ৰ সামগ্ৰীৰ পৰিসৰৰ উচ্চ মাইলেজৰ নিশ্চয়তাই হওক অথবা আটাইতকৈ উন্নত টেলিমেটিক্স সমাধান আইমেক্সএক্সে হওক, সকলোবোৰে বাহনৰ মালিকসকলক নিজৰ পৰিবহণ ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰদান কৰে অথবা ডিলাৰশ্বিপ আৰু বিক্ৰীৰ পিছৰ সমৰ্থন সামগ্ৰীৰ অন্যান্য ফৰ্মেটৰ দ্ৰুতগতিত বৰ্ধিত নেটৱৰ্কৰ জৰিয়তে আমি ভাৰতীয় বাণিজ্যিক বাহন উদ্যোগত গ্ৰাহকৰ সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

Leave a Reply

Your email address will not be published. Required fields are marked *