ৰেন’ গ্ৰুপে স্পষ্ট কৰি দিছে যে চেন্নাইস্থিত উৎপাদন কেন্দ্ৰটো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই সম্পূৰ্ণৰূপে কোম্পানীটোৰ মালিকীস্বত্বৰ অধীনত আছে। ইয়াৰ সৈতে সংগতি ৰাখি অংশীদাৰ আৰু সংবাদ মাধ্যমক ভৱিষ্যতৰ সংবাদ বা চৰ্চাত এই প্লাণ্টটোৰ বিষয়ে সঠিকভাৱে উল্লেখ-উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছে।কোম্পানীটোৱে কৈছে যে এই ফেক্টৰীয়ে ৰেন’ আৰু নিচান দুয়োটা ব্ৰেণ্ডৰ বাবে বাহন উৎপাদন কৰে, যাক এতিয়াও মাজে-সময়ে নিচান প্লাণ্ট বা নিচান ফেক্টৰী বুলি বৰ্ণনা কৰি অহা দেখা গৈছে। অৱশ্যে ৰেন’ই উল্লেখ কৰিছে যে এনে ধৰণৰ উপস্থাপন তথ্যগতভাৱে শুদ্ধ নহয়, কাৰণ চেন্নাইৰ এই উৎপাদন কেন্দ্ৰটো বৰ্তমান ৰেন’ৰ মালিকানাধীন প্লাণ্ট।কোম্পানীটোৰ মতে, এই কেন্দ্ৰটোৱে ঘৰুৱা বজাৰৰ লগতে ৰপ্তানিৰ বাবেও ৰেন’ আৰু নিচান দুয়োটাৰে বাহন উৎপাদন কৰে। মালিকীস্বত্বৰ পৰিৱৰ্তনৰ পিছতো দুয়োটা গাড়ী নিৰ্মাতা কোম্পানীৰ মাজত থকা যৌথ উৎপাদন চুক্তিকে প্ৰতিফলিত কৰে।ৰেন’ই কৈছে যে ভৱিষ্যতৰ প্ৰতিবেদন, চৰ্চা আৰু সংবাদ মাধ্যমৰ বাতৰিত উৎপাদন কেন্দ্ৰটোৰ সঠিক উল্লেখ নিশ্চিত কৰিবলৈহে এই স্পষ্টীকৰণ জাৰি কৰা হৈছে।কোম্পানীটোৱে লগতে গুৰুত্ব আৰোপ কৰে যে চেন্নাইৰ এই উৎপাদন কেন্দ্ৰটো ভাৰতত ৰেন’ গ্ৰুপৰ কাৰ্য-কলাপৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈয়েই থাকিব। ৰেন’ই কয় যে এই কেন্দ্ৰটোৱে কোম্পানীটোৰ দীৰ্ঘম্যাদী বিকাশৰ ৰণকৌশল, স্থানীয়কৰণ পদক্ষেপ আৰু ৰপ্তানিৰ লক্ষ্যক সহায় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ লগতে ভাৰত আৰু বিশ্বৰ মটৰ গাড়ীৰ বজাৰত নিজৰ উৎপাদন ক্ষমতা শক্তিশালী কৰা আৰু উপস্থিতি সম্প্ৰসাৰণ কৰাৰ বাবে ৰেন’ৰ প্ৰতিশ্ৰুতিক সুদৃঢ় কৰিলে। Share this:FacebookX Related Post navigation ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে প্ৰথম অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰশ্বিপৰ জৰিয়তে অসমত অধিক শক্তিশালী কৰি তুলিছে নিজৰ ব্যৱসায়িক স্থিতি