অ’জন ফাৰ্মাচিউটিকেলছ লিমিটেডে হিংসা, নিৰ্যাতন বা চিকিৎসা-আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা চিকিৎসকসকলক নিৰাপত্তা, আইনী আৰু আৱেগিক কল্যাণমূলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে অ’জন শ্বিল্ড নামৰ এক পদক্ষেপ মুকলি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত পুডুচেৰীৰ প্ৰাক্তন উপ-ৰাজ্যপাল ড° কিৰণ বেদীয়ে এই পদক্ষেপৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। কোম্পানীটোৱে জনোৱা অনুসৰি স্বাস্থ্যসেৱা কৰ্মীসকলে সন্মুখীন হোৱা বৰ্ধিত ভাবুকি আৰু নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছে। এইমছ, চফদৰজং হাস্পতাল আৰু ভিএমএমচিৰ বিশেষজ্ঞসকলৰ দ্বাৰা সম্পন্ন কৰা ১,৫০০তকৈও অধিক স্বাস্থ্যসেৱা কৰ্মীক সাঙুৰি লোৱা এক দেশজোৰা সমীক্ষাত প্ৰকাশ পাইছে যে ৭৮.৪ শতাংশই কৰ্তব্যৰত অৱস্থাত ভাবুকিৰ সন্মুখীন হৈছে, আনহাতে ৫৮.২ শতাংশই নিজৰ কৰ্মক্ষেত্ৰত সুৰক্ষিত অনুভৱ নকৰে। অ’জন ফাৰ্মাচিউটিকেলছৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক সুভাষ সেহগলৰ দ্বাৰা পৰিকল্পিত অ’জন শ্বিল্ড-এ ভাবুকি বা অপদস্থ হোৱাৰ সময়ত ব্যক্তিগত নিৰাপত্তা সহযোগিতা, চিকিৎসা-আইনী বিষয়ত আইনী সহায় আৰু আৱেগিক সুস্থতাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব। কোম্পানীটোৱে জানিবলৈ দিয়ে যে ক্ষেত্ৰভিত্তিক দলসমূহে প্ৰথম পৰ্যায়ত স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত অন্যান্য বিশেষজ্ঞসকলৰ ওচৰলৈ গৈ এই পদক্ষেপ পোনপটীয়াকৈ চিকিৎসকসকলৰ সৈতে চিনাকি কৰাই দিব। চিকিৎসকসকলে প্ৰাথমিক সবিশেষ তথ্য প্ৰদান কৰি শ্বিল্ড হোৱাটছএপ চেটবটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব, যাৰ পিছত স্থানীয় অ’জন দলে নিৰ্দিষ্ট ব্যক্তি-প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিব। চিইঅ’ অনিল কোঠিয়ালে কয় যে, কোম্পানীটোৱে চিকিৎসকসকলক সহায় কৰাটো চিকিৎসা সমাজৰ প্ৰতি এক দায়িত্ব বুলি গণ্য কৰে। ১৯৯১ চনত প্ৰতিষ্ঠিত অ’জন ফাৰ্মাচিউটিকেলছৰ বাডী আৰু গুৱাহাটীত উৎপাদন গোট আছে আৰু ই সমগ্ৰ ভাৰত তথা নেপালৰ এক লাখতকৈও অধিক চিকিৎসকৰ কাষ চাপিবলৈ সক্ষম হৈছে। Share this:FacebookX Related Post navigation শ্ৰীংলকালৈ পুনৰ বাহন ৰপ্তানি আৰম্ভ কৰিছে ৰেন’ ইণ্ডিয়াই, বিশ্বজুৰি পদচিহ্ন ১৬খন দেশলৈ বৃদ্ধি পতঞ্জলিৰ ঘিঁউ বিতৰ্কঃ ব্রিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ বাবা ৰামদেৱৰ