আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ প্ৰভাৱ এইবাৰ পৰিল খুচুৰা ইন্ধনৰ বজাৰত। ব্যক্তিগত খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠান নায়াৰা এনৰ্জিয়ে বুধবাৰৰ পৰা দেশজুৰি নিজৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত পেট্ৰ’লৰ মূল্য লিটাৰপ্ৰতি ৫ টকা আৰু ডিজেলৰ মূল্য লিটাৰপ্ৰতি ৩ টকা হ্ৰাস কৰিছে।

কোম্পানীটোৰ তথ্য অনুসৰি, সংশোধিত মূল্য ১ জুলাইৰ পৰাই কাৰ্যকৰী হৈছে। এতিয়াৰে পৰা নায়াৰাৰ সকলো খুচুৰা বিক্ৰী কেন্দ্ৰত গ্ৰাহকে নতুন মূল্যতে পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰিব পাৰিব।

লক্ষ্ণৌস্থিত নায়াৰা পেট্ৰ’ল পাম্প এটাৰ গৰাকী পৰশ মণি যাদৱে জানিবলৈ দিয়া মতে, চৰকাৰী তেল বিপণন কোম্পানীসমূহৰ তুলনাত এতিয়ালৈ নায়াৰাৰ পেট্ৰ’ল প্ৰতিলিটাৰত ৫ টকা আৰু ডিজেল ৩ টকাকৈ অধিক মূল্যত বিক্ৰী হৈছিল। শেহতীয়া মূল্য সংশোধনৰ জৰিয়তে সেই অতিৰিক্ত মূল্য সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে।

ইফালে, মূল্য হ্ৰাসৰ সিদ্ধান্তক আদৰণি জনাইছে গ্ৰাহকসকলে। বহু গ্ৰাহকে কয় যে নতুন মূল্যৰ ফলত ইন্ধন ব্যয় হ্ৰাস পোৱাৰ লগতে দৈনন্দিন খৰচতো কিছু সকাহ লাভ হ’ব।

আনহাতে, বুধবাৰেই তেল বিপণন কোম্পানীসমূহে ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকাকৈ হ্ৰাস কৰিছে। নতুন মূল্য অনুসৰি, দিল্লীত এটা ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হৈছে ২,৯৩০ টকা।

তদুপৰি, ৫ কিলোগ্ৰাম ফ্ৰী ট্ৰেড এলপিজি (এফটিএল) চিলিণ্ডাৰৰ মূল্যও ১৩ টকাকৈ হ্ৰাস কৰা হৈছে। নতুন সংশোধিত মূল্য অনুসৰি, দিল্লীত এই চিলিণ্ডাৰটোৰ খুচুৰা মূল্য হৈছে ৮০৮.৫০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *