সোমবাৰে উমৰাংচুত অৱস্থিত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত গুৱাহাটী আৰু তিনিচুকীয়াৰ মাজত অনুষ্ঠিত ২০২৬-২৭ বৰ্ষৰ নুরুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেল খেলখনত বৰষুণে ব্যাঘাত জন্মায়।টছত জয়ী হৈ গুৱাহাটীয়ে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় আৰু দুপৰীয়া ১২:৩৭ বজাত বৰষুণে খেল বন্ধ কৰাৰ পূৰ্বে ৩৬ অভাৰত তিনিচুকীয়াক ৬ উইকেটৰ বিনিময়ত ৯৩ ৰানত সীমাবদ্ধ কৰে। ইয়াৰ পিছত আৰু খেল সম্ভৱ নোহোৱাত আবেলি ৪ বজাত প্ৰথম দিনাৰ খেল সামৰণি মৰা হয়।তিনিচুকীয়াৰ হৈ ৰাজ আগৰৱালে ২৭ ৰান কৰি অপৰাজিত হৈ থাকে, আনহাতে প্ৰাচীৰ চাংমাই আৰু গৌৰৱ সিঙে ১৩ ৰানকৈ অৱদান আগবঢ়ায়। গুৱাহাটীৰ হৈ কুনাল শৰ্মাই ৮ অভাৰত ১৪ ৰান দি ২ টা উইকেট দখল কৰে আৰু আয়ুষ্মান মালাকাৰে ১০ অভাৰত ২৫ ৰান দি ২ টা উইকেট লাভ কৰে। আব্দুল আজিজ কুৰাইছিয়ে ৫ অভাৰত ১৩ ৰান দি ১ টা উইকেট লয়। Share this:FacebookX Related Post navigation SRH বনাম GT: প্লে-অফৰ দৌৰত নিৰ্ণায়ক মুখামুখি বুন্দেশ্বলিগা খেলত জয়লাভ কৰা প্ৰথম মহিলা মুখ্য প্ৰশিক্ষক হিচাপে ইতিহাস ৰচনা এটাৰ