দেশৰ আগশাৰীৰ ৰাজনৈতিক পৰিয়াল গান্ধী-ভাদ্ৰা পৰিয়াললৈ নতুন সদস্যৰ আগমনক লৈ চৰ্চা আৰম্ভ হোৱাৰ মাজতে পোহৰলৈ আহিছে এক সুখবৰ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰাইহান ভাদ্ৰাই তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী অৱিবাহ বেইগৰ সৈতে বাগদান পৰ্ব সম্পন্ন কৰিছে। বিভিন্ন সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত খবৰ অনুসৰি, শেহতীয়াকৈ ৰাইহানে অৱিবাহক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু অৱিবাহে সেই প্ৰস্তাৱত সন্মতি জনাইছে।

২৫ বছৰীয়া ৰাইহান ভাদ্ৰা পেছাত এগৰাকী দক্ষ ভিজুৱেল আৰ্টিষ্ট। বন্যপ্ৰাণী, ষ্ট্ৰীট ফটোগ্ৰাফী আৰু বাণিজ্যিক ফটোগ্ৰাফীৰ ক্ষেত্ৰত তেওঁৰ বিশেষ দখল আছে। মুম্বাইৰ কোলাবাত অৱস্থিত এটা সমসাময়িক কলা বীক্ষিকাৰ তথ্য অনুসৰি, ৰাইহানে ২০১৭ চনত নতুন দিল্লীৰ বিকানেৰ হাউচত ‘ডাৰ্ক পাৰ্চেপচন’ নামেৰে নিজৰ প্ৰথমটো একক চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। ৰাইহান আৰু অৱিবাহ বিগত সাত বছৰ ধৰি ইজনে আনজনৰ সৈতে সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে।

ৰাইহানৰ বাগদত্তা অৱিবাহ বেইগও শিল্পজগতৰ সৈতে জড়িত এগৰাকী ব্যক্তি। অৱিবাহ পেছাত এগৰাকী ফটোগ্ৰাফাৰ আৰু প্ৰযোজক। তেওঁৰ পৰিয়াল বৰ্তমান দিল্লীৰ নিবাসী। দুই গৰাকী উদীয়মান শিল্পীৰ এই নতুন যাত্ৰাক লৈ পৰিয়ালটোৰ আত্মীয় তথা শুভাকাংক্ষীসকলৰ মাজত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *