প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব। এই ভ্ৰমণত তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে কয় যে প্রধানমন্ত্রীয়ে প্রথমে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত উপস্থিত হৈ ৪২০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা বায়’-ইথানল প্লাণ্টটো দেশৰ বাবে উৎসৰ্গা কৰিব৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দৰং জিলাৰ মঙলদৈলৈ যাব, য’ত তেওঁ গুৱাহাটী-ৰিং ৰোড উদ্বোধন কৰিব। এইটো গুৱাহাটীৰ কুৰুৱা আৰু নাৰেংগী সংযোগী ব্ৰহ্মপুত্ৰত নিৰ্মিত এখন দলং। লগতে মঙলদৈ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ কয় যে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ অসম গৌৰৱ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কৰিব বুলি উল্লেখ কৰে। Share this:FacebookX Related Post navigation ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন