সুদীৰ্ঘ ১১৮ দিনৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ ওলাব জনজাতীয় সংগ্ৰামী নেতা প্ৰণৱ দলে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰণৱ দলেৰ বিৰুদ্ধে চৰকাৰে আৰোপ কৰা এনএছএৰ গোচৰ খাৰিজ কৰি তেওঁৰ আটক নিৰ্দেশক অসাংবিধানিক ঘোষণা কৰে। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ যুটীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰে। ৪০ বছৰীয়া সংগ্ৰামী নেতা প্ৰণৱ দলেক যোৱা ১২ জুলাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এক প্ৰস্তাৱিত বিলাসী হোটেল প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত চাহ জনজাতি সংগ্ৰহালয় আৰু সমীপৰ হোটেল প্ৰকল্প স্থলীত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। উল্লেখ্য যে, ইয়াৰ পূৰ্বে গোলাঘাটৰ স্থানীয় আদালতে যোৱা ২৯ জুলাইতে তেওঁক জামিন মঞ্জুৰ কৰিছিল। মুখ্য সাক্ষীসকলৰ ভাষ্য ইতিমধ্যে সংগ্ৰহ কৰা হেতুকে প্ৰমাণ নষ্ট কৰাৰ সম্ভাৱনা নাই বুলি আদালতে স্পষ্ট কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে মুক্তিৰ পথ ৰোধ কৰি তাৰ পিছদিনাই তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন অৰ্থাৎ এনএছএ প্ৰয়োগ কৰে। বিদেশৰ পৰা সন্দেহজনক পুঁজি সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি চৰকাৰে তেওঁক কাৰাৰুদ্ধ কৰি ৰাখিছিল। এই আটক আদেশৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়। কংগ্ৰেছ দলে চৰকাৰৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ মতে, থলুৱাৰ মাটিৰ অধিকাৰ আৰু প্ৰাকৃতিক সম্পদা ৰক্ষাৰ বাবে কৰা সংগ্ৰাহক দেশদ্ৰোহ আখ্যা দি গণতান্ত্ৰিক মাত মাতিবলৈ ওলোৱা সংগ্ৰামীসকলক অসাংবিধানিকভাৱে স্তব্ধ কৰাৰ চৰকাৰী ষড়যন্ত্ৰ এই ৰায়ৰ জৰিয়তে প্ৰকাশ পাইছে। Share this:FacebookX Related Post navigation বিধায়ক ক্ৰয়ৰ চেষ্টাৰ চাঞ্চল্যকৰ অভিযোগ! তামিলনাডুত এআইএডিএমকেৰ প্ৰাক্তন উপ-মেয়ৰ গ্ৰেপ্তাৰ ভূমি, জনসাধাৰণ আৰু সংস্কৃতিৰ মাজৰ আধ্যাত্মিক সম্পৰ্কক অন্বেষণ কৰিবলৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন