বিশ্বৰ তিনি মহাশক্তিধৰ ৰাষ্ট্ৰৰ মুৰব্বীৰ ত্ৰিপাক্ষিক বৈঠকক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে বৰ্তমান কেন্দ্ৰত কংগ্ৰেছ দল শাসনত থকা হ’লে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শেহতীয়া বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰীও তেওঁলোকৰ সৈতে একেখন মেজতে বহিলহেঁতেন।

সামাজিক মাধ্যম ‘এক্স’ত তিনিওগৰাকী বিশ্বনেতাৰ বৈঠকৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি কয় যে কংগ্ৰেছ ক্ষমতাত থাকিলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইখন মেজত আসন লাভ কৰিলেহেঁতেন। পিছে এগৰাকী আপোচকামী (কম্প্ৰমাইজড) প্ৰধানমন্ত্ৰী কেতিয়াও এই মেজত বহিব নোৱাৰে বুলিও বিৰোধী দলপতিগৰাকীয়ে কটাক্ষ কৰে।

উল্লেখ্য যে, চীনৰ প্ৰযুক্তি নগৰী শ্বেনজেনৰ এটা ভিলাত বৃহস্পতিবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এখন গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠকত মিলিত হৈছিল। এই বৈঠকত চীন, ৰাছিয়া আৰু আমেৰিকাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন, তেলৰ যোগান বৃদ্ধি আৰু পাৰমাণৱিক শংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত আলোচনাত মিলিত হ’বলৈ সহমতত উপনীত হয়। এই যৌথ ঘোষণাৰ এদিন পিছতে শুকুৰবাৰে ৰাহুল গান্ধীয়ে বৈদেশিক কূটনীতিক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰ লক্ষ্য কৰি লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *