ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে ওড়িশা উপকূলৰ দিশে ক্ৰমাৎ অগ্ৰসৰ হৈছে সামুদ্ৰিক ঘূৰ্ণীবতাহ ‘আকভান’। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শুকুৰবাৰে দুপৰীয়া বা আবেলিৰ ভাগত পুৰী আৰু গোপালপুৰৰ মাজেৰে এই ঘূৰ্ণীবতাহে স্থলভাগ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। সম্ভাৱ্য দুর্যোগৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে প্ৰায় ৩ লাখ লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ লগতে শ শ উদ্ধাৰকাৰী দল মোতায়েন কৰিছে। ইয়াৰ সমান্তৰালভাৱে সাৱধানতামূলক ব্যৱস্থা হিচাপে ৬৯খন ৰে’লৰ যাত্ৰা বাতিল কৰাৰ লগতে শিক্ষানুষ্ঠান আৰু পৰ্যটনস্থলীসমূহ বন্ধ ঘোষণা কৰা হৈছে। ওড়িশাৰ বিশেষ সাহায্য আয়ুক্ত ৰাজেশ পি পাটিলে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলৰ পৰা ২,৯৮,৬৭৬গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২,৫২৩টা সাহায্য শিবিৰ স্থাপন কৰাৰ লগতে ৯,৩৪১টা ঘূৰ্ণীবতাহ আশ্ৰয়গৃহ সাজু কৰি তুলিছে। বিপদসংকুল অঞ্চলসমূহত এন ডি আৰ এফৰ ১৪টা, ওড়িশা দুৰ্যোগ দ্ৰুত কাৰ্যবাহী বাহিনীৰ ৬০টা আৰু অগ্নিনিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ ১৩১টা দলকে ধৰি মুঠ ৪২৩টা উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। তদুপৰি উপকূলৰক্ষী বাহিনীকো হেলিকপ্টাৰ আৰু জাহাজ সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ভুৱনেশ্বৰস্থিত বিশেষ সাহায্য আয়ুক্তৰ কাৰ্যালয়ত এখন জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হৈ সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব পৰা ২০খন জিলাত প্ৰস্তুতি তীব্ৰতৰ কৰি তোলা হৈছে। তদুপৰি গঞ্জাম, গজপতি, কন্ধমাল, কোৰাপুট আৰু মালকানগিৰিকে ধৰি ছখন জিলাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলন হ’ব পৰা ৯৪১টা স্থান চিনাক্ত কৰি সকলো উদ্ধাৰকাৰী দলক সষ্টম কৰি ৰখা হৈছে। বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই জনোৱা অনুসৰি স্থলভাগ স্পৰ্শ কৰাৰ সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৯০-১০০ কিলোমিটাৰ হ’ব যদিও উত্তৰ দিশলৈ অগ্ৰসৰ হোৱাৰ লগে লগে ই ক্ৰমাৎ দুৰ্বল হৈ পৰিব। আনহাতে, ঘূৰ্ণীবতাহৰ বাবে পূব উপকূলীয় ৰে’লৱেই ৪১খন ৰে’ল বাতিল কৰাৰ লগতে ২৯খনৰ সময়সূচী সলনি কৰিছে। সেইদৰে দক্ষিণ-পূব ৰে’লৱেয়ো মূলতঃ পুৰীলৈ অহা-যোৱা কৰা ২৮খন এক্সপ্ৰেছ ৰে’ল বাতিল কৰিছে। গোপালপুৰ, পুৰী, সাতপাড়া আৰু চিলিকাত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ৰেড, অৰেঞ্জ আৰু ইয়েল্ল’ এলাৰ্ট জাৰি কৰা জিলাসমূহত বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। পুৰীৰ জগন্নাথ মন্দিৰ খোলা থাকিব যদিও গুণ্ডিচা মন্দিৰ শনিবাৰলৈকে বন্ধ থাকিব। একেদৰে নন্দনকানন চিৰিয়াখানা, ভিতৰকণিকা আৰু ছিমিলিপাল ৰাষ্ট্ৰীয় উদ্যানো সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে। চুবুৰীয়া অন্ধ্ৰপ্ৰদেশৰো শ্ৰীকাকুলাম আৰু বিজয়নগৰমত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে শনিবাৰে পুৱালৈকে মাছমৰীয়াসকলক সাগৰত নানামিবলৈ সতৰ্ক কৰি দিয়া হৈছে। মন কৰিবলগীয়া যে ঘূৰ্ণীবতাহ ‘আকভান’ৰ পৰোক্ষ প্ৰভাৱত উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাতো বতৰ ডাৱৰীয়া হোৱাৰ লগতে বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ঘূৰ্ণীবতাহৰ বাহ্যিক মেঘমালাই উত্তৰ-পূৰ্বাঞ্চললৈ জলীয় বাষ্প কঢ়িয়াই অনাৰ ফলত শুকুৰবাৰ আৰু শনিবাৰে পশ্চিম ত্ৰিপুৰা, চিপাহীজলা, গোমতী আৰু দক্ষিণ ত্ৰিপুৰাত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। অৱশ্যে ৰাজ্যখনত ঘূৰ্ণীবতাহৰ প্ৰত্যক্ষ আঘাতৰ কোনো আশংকা নাই বুলি বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছে। Share this:FacebookX Related Post navigation কংগ্ৰেছ শাসনত থাকিলে ট্ৰাম্প, পুটিন আৰু জিনপিঙৰ সৈতে একেখন মেজতে বহিলহেঁতেন ভাৰতৰ প্ৰধানমন্ত্ৰীঃ ৰাহুল গান্ধী আৰণ্যকে অসম, মেঘালয়, নাগালেণ্ডৰ বনৰক্ষীৰ বাবে হোলোঙী বান্দৰ সংৰক্ষণ প্ৰশিক্ষণৰ আয়োজন কৰে