শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব। কৰ্তৃপক্ষই ভিন্ন উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি এই মাচুলসমূহ পুনৰ নিৰ্ধাৰণ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি ৫ জুলাইৰ পৰা কাৰ্যকৰী হব এই নতুন নিৰিখ। লগতে ২০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ২৫০ টকালৈকে এই প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে। তলত উদ্যানসমূহৰ নতুন মাচুলৰ খতিয়ান উল্লেখ কৰা হ’ল- ১. জোৰপুখুৰীৰ পাৰ্কৰ প্ৰৱেশ মাচুল ২০ টকা২.গান্ধী মণ্ডপৰ প্ৰৱেশ মাচুল ২০ টকা৩.অমৃত উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা৪.অটল উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা৫.শ্ৰদ্ধাঞ্জলি কাননৰ প্ৰৱেশ মাচুল ৩০ টকা৬.নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা৭.বটানিকেল গাৰ্ডেনৰ প্ৰৱেশ মাচুল ৬০টকা৮.সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰৱেশ মাচুল ৬০ টকা৯.ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ প্ৰৱেশ মাচুল ৬০ টকা১০.ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ প্ৰৱেশ মাচুল ১৫০ টকা১১.গুৱাহাটীৰ ৰ’পৱেৰ প্ৰৱেশ মাচুল ২৫০ টকা Share this:FacebookX Related Post navigation অখিল গগৈৰ সামাজিক মাধ্যমত ভাইৰেল ভিডিও তিনিচুকীয়াত আটক দুই উগ্ৰপন্থী