ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক লৈ পশ্চিমীয়া দেশসমূহৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে। ফিনলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ২০২২ চনত ইউক্ৰেইন যুদ্ধৰ পিছত আন্তঃৰাষ্ট্ৰীয় তেল বজাৰত স্থিতিশীলতা বজাই ৰাখিবলৈ আমেৰিকাই নিজেই ভাৰতক ৰাছিয়াৰ পৰা তেল কিনিবলৈ অনুৰোধ কৰিছিল।
জয়শংকৰে স্পষ্টকৈ কয় যে ভাৰতে সদায় মূল্য আৰু উপলব্ধতাৰ ভিত্তিত তেল ক্ৰয় কৰে। সেই সময়ত ইউৰোপীয় দেশসমূহে মধ্যপ্ৰাচ্যৰ তেল অধিক পৰিমাণে ক্ৰয় কৰাত ভাৰতৰ পৰম্পৰাগত যোগান ব্যৱস্থাত প্ৰভাৱ পৰিছিল আৰু ৰাছিয়াৰ তেল তুলনামূলকভাৱে সহজলভ্য হৈ পৰিছিল।
তেওঁ লগতে অভিযোগ কৰে যে পশ্চিমীয়া দেশসমূহে নিজৰ স্বাৰ্থ অনুসৰি কেতিয়াবা নিষেধাজ্ঞা আৰোপ কৰে আৰু কেতিয়াবা সেইবোৰ উঠাই লয়। এইক্ষেত্ৰত কোনো “মহান নীতি”ৰ প্ৰশ্ন নাই বুলিও মন্তব্য কৰে জয়শংকৰে। ভাৰতৰ বৈদেশিক নীতি আৰু শক্তি সুৰক্ষাক লৈ দেশখনে সদায় নিজৰ জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে বুলি পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *