নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ সম্পূৰ্ণ নতুন নিচান টেক্টন এছইউভিৰ শুভাৰম্ভণি আৰু এক সম্প্ৰসাৰিত সামগ্ৰী পৰ্টফ’লিঅ’ৰ সহায়ত নিজৰ ঘৰুৱা ব্যৱসায়ত এক তীব্ৰ ৰূপান্তৰৰ কথা সদৰি কৰিছে। কোম্পানীটোৱে ২০২৬ চনৰ জুলাই মাহৰ বাবে ঘৰুৱা পাইকাৰী পৰিমাণত ২১৮% বাৰ্ষিক বৃদ্ধি আৰু ৫০% মাহেকীয়া বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৱে জনোৱা মতে, এই মাহত ঘৰুৱা পাইকাৰী বিক্ৰী ৪,৫১৮ ইউনিট, ৰপ্তানি পাইকাৰী বিক্ৰী ৪,৮২১ ইউনিট আৰু মুঠ পাইকাৰী বিক্ৰী ৯,৩৩৯ ইউনিট হোৱাৰ কথা প্ৰকাশ কৰিছে।যোৱা ৯ জুলাইত ৱৰ্ল্ড প্ৰিমিয়াৰ সম্পন্ন হোৱাৰ পিছত ২০ জুলাইৰ পৰা সমগ্ৰ ভাৰততে সম্পূৰ্ণ নতুন নিচান টেক্টন-ৰ ডেলিভাৰী আৰম্ভ হৈছে, যিয়ে মেগনাইট আৰু গ্ৰেভাইটৰ সৈতে নিচানৰ এছইউভি লাইনআপক অধিক শক্তিশালী কৰি তুলিছে।নিচান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বত্সই কয় যে, ঘৰুৱা পাইকাৰী বিক্ৰীৰ এই শক্তিশালী অগ্ৰগতিয়ে ব্ৰেণ্ডটোৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান আস্থা প্ৰতিফলিত কৰে আৰু কোম্পানীটোৱে বিকাশৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে। তেওঁ কয় যে, এছইউভি ঐতিহ্যৰ ৭৫ বছৰ উদযাপনৰ ক্ষণত মুকলি কৰা টেক্টনে নিচানৰ প্ৰখ্যাত পেট্ৰ’ল-ৰ দ্বাৰা অনুপ্ৰাণিত ডিজাইনেৰে উন্নত সুৰক্ষা বৈশিষ্ট্য, উৎকৃষ্ট ড্ৰাইভিং ডাইনেমিক্স আৰু বৰ্ধিত আৰামক একত্ৰিত কৰিছে। সৌৰভ বত্সই লগতে যোগ দিয়ে যে নিচান কেয়াৰ পেকেজৰ সমৰ্থন থকা এই বাহনখনে গ্ৰাহকৰ অভিজ্ঞতা শক্তিশালী কৰিব আৰু কোম্পানীটোৱে দীৰ্ঘম্যাদী বিকাশৰ ৰণনীতিক সহায় কৰিব বুলি আশা কৰা হৈছে।গ্ৰাহকৰ মাজত বিতৰণৰ পূৰ্বে টেক্টনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এক অভিলেখ সৃষ্টিকাৰী অভিযান সম্পূৰ্ণ কৰে। ৬০খন এছইউভিৰ এটা কনভয়ে চণ্ডীগড়ৰ পৰা লেহলৈ যাত্ৰা কৰি জাস্কাৰ অঞ্চলৰ মাজেৰে ১৬,৭০৩ ফুট উচ্চতাৰ ছিংকু লা অতিক্ৰম কৰি লেহত উপনীত হৈ অভিলেখ গঢ়ে, যি হৈছে একক-মডেল ৪-চকীয়া বাহনৰ সৰ্ববৃহৎ কনভয়।নিচানে জানিবলৈ দিয়া অনুসৰি একক-সামগ্ৰীৰ পৰ্টফ’লিঅ’ৰ পৰা ৩খন এছইউভিৰ সূচীলৈ ৰূপান্তৰৰ লগে লগে দেশজুৰি নিজৰ ৰিটেইল আৰু সেৱা নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে, য’ত উপলব্ধতা, গ্ৰাহকৰ সুবিধা আৰু মালিকীস্বত্বৰ অভিজ্ঞতা উন্নত কৰাৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰা হৈছে।গুৱাহাটী মহানগৰীত নিচানৰ এই সম্প্ৰসাৰিত এছইউভি পৰ্টফ’লিঅ’ই অসম তথা সামগ্ৰিক উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে, যিহেতু বিভিন্ন ধৰণৰ ভূখণ্ড আৰু ক্ৰমবৰ্ধমান আন্তঃগাঁথনি উন্নয়নৰ বাবে এই অঞ্চলত শক্তিশালী এছইউভিৰ চাহিদা সদায় বেছি। উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, এক সম্প্ৰসাৰিত ডীলাৰশ্বিপ আৰু সেৱা নেটৱৰ্কৰ সমৰ্থনত টেক্টনৰ শুভাৰম্ভণিয়ে নিচানক গুৱাহাটীত অধিক গ্ৰাহকক আকৰ্ষণ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত অঞ্চলটোৰ দ্ৰুতগতিত বৰ্ধিত প্ৰিমিয়াম এছইউভি খণ্ডত প্ৰতিযোগিতা অধিক তীব্ৰতৰ হৈ পৰিব। Share this:FacebookX Related Post navigation ৩৯টা পদকৰে কমনৱেলথ গেমছৰ অভিযান সমাপ্ত ভাৰতৰ