২০২৬ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্র এটা দিন বাকী । ৪ মে’ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । সাজু নিৰ্বাচন আয়োগকে ধৰি জিলা প্ৰশাসন । ভোটগণনাৰ দিনাটোক লৈ কামৰূপ মহানগৰ জিলা প্রশাসনে শনিবাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা । গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেন্টাৰক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে ।

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ষ্ট্ৰং ৰূম হৈছে মণিৰাম দেৱান ট্ৰেড চেন্টাৰ । নিৰ্দেশনা অনুসৰি, ষ্ট্ৰং ৰূম বা মণিৰাম দেৱান ট্ৰেড চেন্টাৰ চৌহদৰ পৰা ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ভোটগণনাৰ দিনা নিৰ্দিষ্ট এলেকাত কোনো ধৰণৰ আতচবাজি, বিজয়ী সমদল, শ্ল’গান দিয়াৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছে । এই নিৰ্দেশনা ভংগ কৰিলে বিএনএছএছৰ ১৬৩নং ধাৰাৰ অধীনত আইনী ব্যৱস্থা লোৱা হ’ব।
এই নিৰ্দেশনা তথা নিষেধাজ্ঞা ভোটগণনাৰ দিনাৰ মাজনিশাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত প্ৰযোজ্য হৈ থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *