কাৰাগাৰত বন্দী হৈ থকা এজন গেংষ্টাৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবৰ বাবে ১২ ঘণ্টাৰ বাবে পেৰ’লত মুকলি হৈ আহি সম্পন্ন কৰা এখন ৰাজকীয় বিয়াৰ কাহিনী ।নাম হৈছে মইনপাল ধিল্লা । তেওঁ এগৰাকী কম্বোডিয়ান প্ৰেয়সীৰ প্ৰেমত হাবুডাবু খাই আছিল । অৱশেষত সিদ্ধান্ত লয় দুখন হৃদয়ৰ মিলন, সামাজিক স্বীকৃতি আৰু জীৱনৰ পৰৱৰ্তী সময় হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ ।অৱশেষত ভাৰতীয় জোঁৱাই আৰু কম্বোডিয়ান বোৱাৰীয়ে সংসাৰ গঢ়িবৰ বাবে কাৰাগাৰৰ পৰা এটা দিনৰ বাবে ওলাই অহাৰ সুযোগ লাভ কৰে ধিল্লায়ে ।কাৰাগাৰৰ বাহিৰত তেওঁ আছিল মাত্ৰ ১২ ঘণ্টা সময় । প্ৰেমিক ধিল্লাই মেটা চান নামৰ কম্বোডিয়ান প্ৰেয়সীৰ সৈতে নিজৰ জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবৰ বাবে মুকলি আকাশৰ তলত থাকিবলৈ ১২ ঘণ্টা সময় লাভ কৰে ।এই দুই প্ৰেমাস্পদক বৈবাহিক বান্ধোনেৰে বান্ধ খাবৰ বাবে ধিল্লাইক বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত পেৰ’লত মুকলি কৰি দিয়া হয় । কাৰাগাৰৰ পৰা মুকলি হৈ আহি সেইদিনাই দিনটীয়াকৈ তেওঁলোকে বিবাহ অনুষ্ঠানৰ আয়োজন কৰে । সন্ধিয়ালৈকে বিয়াৰ উদযাপন শেষ হৈ যায় আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত মইনপাল ধিল্লা পুনৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজলৈ গুচি যায় । Share this:FacebookX Related Post navigation ২ অক্টোবৰত ‘No UPI Day’ পশ্চিমবংগলৈ যাব খোজা দুই অনুপ্ৰৱেশকাৰীক আটক কৰে সীমান্ত আৰক্ষীয়ে