ঢাকাৰ পৰা চিলেট হৈ মেঘালয়ৰ ডাউকীৰে ভাৰতত প্ৰৱেশ কৰি পশ্চিমবংগলৈ যাবলৈ পৰিকল্পনা কৰা দুই অবৈধ বাংলাদেশী আটক । চলিত মাহত অবৈধভাৱে প্ৰৱেশ কৰা ৩১ গৰাকী অবৈধ বাংলাদেশী নাগৰিকক অসম আৰক্ষীৰ সীমান্ত শাখাই আটক কৰিবলৈ সক্ষম হৈছে ।অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষী সদা সষ্টম ।আৰক্ষীৰ জেৰাত পোহৰলৈ অহা তথ্য অনুসৰি, দুয়োগৰাকী বাংলাদেশী নাগৰিকে ঢাকাৰ পৰা চিলেটলৈ আহি মেঘালয়ৰ ডাউকী হৈ ভাৰতত প্ৰৱেশ কৰিছিল । তাৰপিছত গাড়ীৰে গুৱাহাটীলৈ আহি ৰে’লযোগে পশ্চিমবংগলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।আটকাধীন মহিলা দুগৰাকীৰ পৰা দুখন ভুৱা আধাৰকাৰ্ড জব্দ কৰা হৈছে । পশ্চিমবংগৰ ঠিকনা উল্লেখ থকা আধাৰ কাৰ্ড দুখন বাংলাদেশৰ ঢাকাৰ এগৰাকী দালালে যোগান ধৰিছিল বুলি আৰক্ষীৰ জেৰাত মহিলা দুগৰাকীয়ে স্বীকাৰ কৰিছে । Share this:FacebookX Related Post navigation ১২ ঘণ্টাৰ বাবে পেৰ’লত আহি কম্বোডিয়ান প্ৰেয়সীক জীৱন সংগী কৰিলে হাৰিয়ানাৰ গেংষ্টাৰে তিনি ৰাজ্যত পুনৰ ছমাহলৈ আফস্পাৰ ম্যাদ বৃদ্ধি