বৰ্তমানৰ গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু ভূ-ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশৰ উদ্যোগ খণ্ডক এক ডাঙৰ সকাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিশেষকৈ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (MSME) আৰু ক্ৰমাৎ সংকটত পৰা বিমান পৰিবহণ খণ্ডক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে চৰকাৰে ২.৫ লাখ কোটি টকাৰ এক বিশাল ঋণ নিশ্চয়তা আঁচনি (Credit Guarantee Scheme) ঘোষণা কৰিছে।
সংকটৰ সময়ত চৰকাৰী সাৰথি পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ পোনপটীয়া প্ৰভাৱ ভাৰতীয় উদ্যোগ জগতৰ ওপৰত পৰা পৰিলক্ষিত হৈছে। কেঁচামালৰ নাটনি আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ ফলত দেশৰ বহুতো MSME উদ্যোগ আৰু বিমান সেৱা প্ৰতিষ্ঠান লোকচানৰ সন্মুখীন হৈছে। এনে এক সন্ধিক্ষণত উদ্যোগীসকলক আৰ্থিকভাৱে সুৰক্ষিত কৰিবলৈ মোদী চৰকাৰে এই বৃহৎ পুজিৰ অনুমোদন জনাইছে।আঁচনিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য এই আঁচনিৰ জৰিয়তে চৰকাৰে প্ৰধানকৈ দুটা দিশত গুৰুত্ব দিছে বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ ক্ষেত্ৰত চৰকাৰে গেৰাণ্টি প্ৰদান কৰিব, যাতে উদ্যোগীসকলে কোনো ভয় নোহোৱাকৈ মূলধন সংগ্ৰহ কৰি ব্যৱসায় আগবঢ়াই নিব পাৰে। লোকচানৰ সন্মুখীন হোৱা প্ৰতিষ্ঠানসমূহক বন্ধ হৈ যোৱাৰ পৰা ৰক্ষা কৰা আৰু কৰ্মসংস্থাপন সুৰক্ষিত কৰা।
বিমান খণ্ডৰ বাবে বিশেষ সকাহ বিগত সময়ছোৱাত ইন্ধনৰ মূল্য বৃদ্ধি আৰু কাৰিকৰী সমস্যাৰ বাবে ভাৰতৰ বিমান পৰিবহণ খণ্ডই যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। এই ঋণ নিশ্চয়তা আঁচনিয়ে বিমান সংস্থাৰ ওপৰত থকা আৰ্থিক বোজা লাঘৱ কৰিব বুলি আশা কৰা হৈছে। সময়সীমা আৰু ৰূপায়ণ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি জনায় যে, দেশৰ উদ্যোগ জগতক সহায় কৰাৰ বাবে চৰকাৰ সদায় সাজু। তেওঁ উল্লেখ কৰা মতে, এই বিশেষ ঋণ নিশ্চয়তা আঁচনিখন অহা বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত বলবৎ থাকিব। ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু বৃহৎ উদ্যোগিক গোটসমূহ উপকৃত হ’ব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *