আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুকুৰবাৰে বাৰ্ষিক ৰেংকিং আপডেট প্ৰকাশ কৰে, য’ত অষ্ট্ৰেলিয়াই পুৰুষৰ টেষ্ট আৰু মহিলাৰ এদিনীয়া দুয়োটা ফৰ্মেটতে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। পুৰুষৰ টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়া ১৩১ পইণ্টেৰে প্ৰথম স্থানত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা ১১৯ পইণ্টেৰে দ্বিতীয় স্থানত আছে। ভাৰত ১০৪ পইণ্টেৰে তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ইংলেণ্ডে ১০২ পইণ্টেৰে চতুৰ্থ স্থানলৈ অৱনমিত হৈছে। ১০১ পইণ্টেৰে পঞ্চম স্থানত আছে নিউজিলেণ্ড। পাকিস্তানে (৮৯ পইণ্ট) শ্ৰীলংকাক (৮৬ পইণ্ট) অতিক্ৰম কৰি ষষ্ঠ স্থান দখল কৰিছে।

ৰেংকিঙত পৰৱৰ্তী স্থানত আছে ক্ৰমে ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু জিম্বাবুৱে। প্ৰয়োজনীয় আঠখন টেষ্ট মেচ খেলিব নোৱাৰাৰ বাবে আয়াৰলেণ্ডে ৰেংকিঙৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে আফগানিস্তানেও ৰেংকিঙত থাকিবলৈ অহা বছৰত আৰু দুখন টেষ্ট খেলিব লাগিব। মহিলাৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়া। ১৬৩ পইণ্টেৰে ইংলেণ্ডতকৈ ৩৫ পইণ্ট (১২৮ পইণ্ট) আগবাঢ়ি আছে অষ্ট্ৰেলিয়া। ভাৰত ১২৪ পইণ্টেৰে তৃতীয় স্থানত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা (১০০), নিউজিলেণ্ড (৯৩), আৰু শ্ৰীলংকা (৮৯) আনসমূহ স্থানত আছে।

শ্ৰীলংকাই ৬ পইণ্ট লাভ কৰাত নিউজিলেণ্ডৰ সৈতে ব্যৱধান কমি যায়। পাকিস্তানক অতিক্ৰম কৰি বাংলাদেশে সপ্তম স্থান দখল কৰিছে। আইচিচিয়ে ৫ মে’ত পুৰুষ আৰু মহিলাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিং আপডেট প্ৰকাশ কৰাৰ বিপৰীতে পুৰুষৰ এদিনীয়া ৰেংকিং ৭ মে’ত ঘোষণা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *