তামিলনাডুৰ ৰাজনৈতিক যুঁজত আঠমহীয়া অন্তঃসত্ত্বা অৱস্থাতে বিজয় সাৱ্যস্ত কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এম আৰ পল্লৱী। অভিনেতা বিজয়ৰ নেতৃত্বাধীন টিভিকে দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থিৰু ভি কা নগৰ সমষ্টিত এইগৰাকী মহিলাই এক অভূতপূৰ্ব জয় সাব্যস্ত কৰে। নিৰ্বাচনী ফলাফল অনুসৰি পল্লৱীয়ে ডি এম কেৰ শক্তিশালী প্ৰাৰ্থী কে এছ ৰবিচন্দ্ৰনক ২২,৩৩৩ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হয়। প্ৰচণ্ড শাৰীৰিক প্ৰত্যাহ্বান নেওচি পল্লৱীয়ে সমষ্টিটোৰ প্ৰতিটো ঘৰে ঘৰে গৈ চলোৱা নিৰ্বাচনী প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আঠমহীয়া অন্তঃসত্ত্বা অৱস্থাতে প্ৰচাৰ চলাই থকাৰ সময়ত তেওঁ এবাৰ সংজ্ঞাহীন হৈ পৰিছিল। কিন্তু তাৰ পাছতো বিৰতি নোলোৱাকৈ জনসম্পৰ্ক অব্যাহত ৰাখিছিল পল্লৱীয়ে। বৰ্তমান চিকিৎসকে পল্লৱীক বিশ্ৰামৰ পৰামৰ্শ দিয়াৰ বাবে তেওঁৰ স্বামী ৰাজেশেহে সংবাদ মাধ্যমৰ আগত পত্নীৰ এই কঠোৰ সংগ্ৰামৰ কথা বৰ্ণনা কৰে। উল্লেখ্য যে তামিলনাডুৰ এই নিৰ্বাচনত ১০৮ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছে টিভিকে দলে। ৰাজনৈতিক পৰ্যবেক্ষকসকলে পল্লৱীৰ এই জয়ক ৰাজ্যখনৰ পৰম্পৰাগত ৰাজনীতিৰ এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত হিচাপে গণ্য কৰিছে। অহা ২০ মে’ত দ্বিতীয় সন্তানৰ জন্মৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া পল্লৱীক থিৰু ভি কা নগৰৰ ভোটাৰসকলে এতিয়া বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। লক্ষ্যণীয়ভাৱে, এসময়ত দিল্লীত আম আদমী পাৰ্টিৰ উত্থানৰ দৰেই এতিয়া তামিলনাডুৰ সাধাৰণ জনতাই নতুন দল আৰু বিশেষকৈ পল্লৱীৰ দৰে সাহসী নতুন মুখক আদৰি লৈছে। এই জয়ে এতিয়া সমগ্ৰ দেশৰে সংবাদ মাধ্যমৰ বিশেষ চৰ্চা লাভ কৰিছে। Share this:FacebookX Related Post navigation চৰকাৰ পৰিৱৰ্তনৰ পাছতেই পুনৰ মুক্তিৰ বাবে সাজু ‘দ্য বেংগল ফাইলছ’, শুকুৰবাৰে পশ্চিমবংগত মুক্তিলাভ অহা ১২ মে’ত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ; খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি