আকৌ অভিলাসী বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল জীৱন্ত পোক! শেহতীয়াকৈ এগৰাকী যাত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছত যোগান ধৰা খাদ্যত পোক পোৱাৰ বিষয়ে সদৰী কৰাৰ পাছতে দেশজুৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভাৰত চৰকাৰৰ অভিলাসী প্ৰকল্প হিচাপে পৰিচিত বন্দে ভাৰত এক্সপ্ৰেছত পূৰ্বেও তদ্ৰুপ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছিল। যোৱা ১৫ মাৰ্চত পাটনা-টাটানগৰ বন্দে ভাৰত এক্সপ্ৰেছত ৰিতেশ সিং নামৰ এজন যাত্ৰীক নৈশ আহাৰৰ সৈতে এটা পেকেট দৈ যোগান ধৰা হৈছিল। পেকেটটো খোলাৰ লগে লগে তাৰ ভিতৰত জীৱন্ত পোক চলাচল কৰি থকা প্ৰত্যক্ষ কৰি যাত্ৰীগৰাকী স্তম্ভিত হৈ পৰে। তেওঁ লগে লগে এই দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমৰ জৰিয়তে ৰেল মন্ত্ৰী আৰু আই আৰ চি টি চি কৰ্তৃপক্ষক অৱগত কৰে। ঘটনাৰ গুৰুত্ব বিবেচনা কৰি ৰেল মন্ত্ৰালয়ে বুধবাৰে খাদ্য যোগানকাৰী প্ৰতিষ্ঠান ‘কৃষ্ণ এণ্টাৰপ্ৰাইজ’ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। প্ৰতিষ্ঠানটোৰ ঠিকা তাৎক্ষণিকভাৱে বাতিল কৰাৰ লগতে ৫০ লাখ টকাৰ গধুৰ জৰিমনা বিহা হৈছে। ইয়াৰ পূৰ্বে আই আৰ চি টি চিয়ে মাত্ৰ ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল যদিও মন্ত্ৰালয়ে ইয়াক পৰ্যাপ্ত নহয় বুলি গণ্য কৰি শাস্তিৰ মাত্ৰা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে। সেৱাত গাফিলতি কৰাৰ বাবে ৰেল মন্ত্ৰালয়ে নিজৰ অধীনস্থ প্ৰতিষ্ঠান আই আৰ চি টি চিকো ১০ লাখ টকাৰ জৰিমনা বিহিছে। যাত্ৰীৰ সুৰক্ষা আৰু খাদ্যৰ মানদণ্ডৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰালয়ে। ভৱিষ্যতে যাতে এনে দুৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিবলৈ সকলো পৰ্যবেক্ষককে নিৰ্দেশ দিয়া হৈছে। Share this:FacebookX Related Post navigation মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পূৰ্ণ: অসম বিধানসভা নিৰ্বাচনৰ বাবে ৭৮৯ গৰাকী প্ৰাৰ্থীৰ আবেদন বৈধ হিচাপে ঘোষণা অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড! ১৩ জনৰ মৃত্যু, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ