মানচেষ্টাৰ ইউনাইটেডৰ মিডফিল্ডাৰ ক’বি মেইনুৱে এক নতুন দীৰ্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছে যিয়ে তেওঁক ২০৩১ চনলৈকে ক্লাবটোত বাহাল ৰাখিব। ইয়াৰ সৈতে শীৰ্ষ ইংৰাজী ক্লাবটোত তেওঁৰ ভৱিষ্যতক লৈ চলি থকা মাহজোৰা জল্পনা-কল্পনাৰ অন্ত পৰিল।
২১ বছৰীয়া এই ইংলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বে ২০২৩ চনত মূল দলত স্থান লাভ কৰাৰ ঠিক আগমুহূৰ্তত এক চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তিখন ২০২৭ চনলৈকে আছিল আৰু ইয়াক আৰু এবছৰলৈ বৃদ্ধি কৰাৰ সুবিধা আছিল। অৱশ্যে, এই ছিজনৰ আৰম্ভণিতে মেইনুৱে প্ৰাক্তন মেনেজাৰ ৰুবেন আমোৰিমৰ অধীনত নিয়মীয়াকৈ খেলিবলৈ সুযোগ নোপোৱাৰ বাবে তেওঁৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল।
জানুৱাৰী মাহত আমোৰিমৰ বিদায়ৰ পিছৰে পৰা মেইনুৱে অন্তৱৰ্তীকালীন মেনেজাৰ মাইকেল কেৰিকৰ অধীনত সুন্দৰ প্ৰদৰ্শন কৰিছে। তেওঁ যোৱা ১২খন লীগ মেচৰ ভিতৰত ১১খনতে অংশগ্ৰহণ কৰিছে, কেৱল আঘাতৰ বাবে লীডছ ইউনাইটেডৰ বিৰুদ্ধে হোৱা ২-১ ব্যৱধানৰ পৰাজয়ৰ মেচখনত খেলিব পৰা নাছিল। ক্লাবৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত তেওঁ কয়, “মানচেষ্টাৰ ইউনাইটেড সদায় মোৰ ঘৰ হৈ আহিছে; এই বিশেষ ক্লাবটো মোৰ পৰিয়ালৰ বাবে সকলো।”
তেওঁ লগতে কয়, “মই প্ৰতিটো দিনতে মোৰ সপোনটো জীয়াই থকাৰ সৌভাগ্য লাভ কৰিছোঁ। ছবছৰ বয়সত মোৰ প্ৰথম প্ৰশিক্ষণ অধিবেশনত যোগদান কৰাৰ সময়ত ইয়াত সফল হোৱাৰ যি একাগ্ৰতা আছিল, আজিও একেই আছে।” — আই এ এন এছ

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *