প্ৰতিষ্ঠিত বি চি জিন্দাল গ্ৰুপৰ অংশ আৰু ভাৰতৰ ডাউনষ্ট্ৰিম ষ্টীল সামগ্ৰীৰ আগশাৰীৰ প্ৰস্তুতকাৰী জিন্দাল (ইণ্ডিয়া) লিমিটেডে উজনি অসমৰ ঔদ্যোগিক চহৰ তিনিচুকীয়াৰ ‘মিলাপ’ অনুষ্ঠানত নিজৰ কালাৰ কোটেড(ৰঙীন আৱৰণযুক্ত) শ্বীটৰ প্ৰিমিয়াম ৰেঞ্জ জিন্দাল নিঅ’কলৰ + উন্মোচন কৰিছে। অঞ্চলটোৰ আগশাৰীৰ খুচুৰা বিক্ৰেতাসকলৰ সৈতে জড়িত আৰু মত বিনিময়ৰ বাবে আয়োজিত এই অনুষ্ঠানত জিন্দাল (ইণ্ডিয়া) লিমিটেডৰ পূব-পশ্চিম মণ্ডলৰ জ’নেল হেড বিনোদ তিৱাৰীকে ধৰি প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

জিন্দালৰ অনুমোদিত বিতৰক এছ আৰ ইণ্ডাষ্ট্ৰীজৰ সহযোগত আয়োজন কৰা এই ‘মিলাপ’ মিটত অঞ্চলটোৰ প্ৰায় ৬০ জন খুচুৰা বিক্ৰেতাৰ অংশগ্ৰহণে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। ‘মিলাপ “অনুষ্ঠানটো কোম্পানীটোৱে অঞ্চলটোত নিজৰ পদচিহ্ন শক্তিশালী কৰা আৰু সমগ্ৰ ভাৰতত নিজৰ ভৌগোলিক উপস্থিতি সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখে।

জিন্দাল (ইণ্ডিয়া) লিমিটেডৰ এগৰাকী মুখপাত্ৰই কয় যে, “দেশৰ এক আগশাৰীৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান জিন্দাল (ইণ্ডিয়া) লিমিটেডে একে সময়তে ন ন অঞ্চললৈ সম্প্ৰসাৰণ কৰাৰ লগতে বৰ্তমানৰ বজাৰত নিজৰ পদচিহ্ন অধিক শক্তিশালী কৰি তুলিব।” এই পদক্ষেপৰ অংশ হিচাপে জিন্দাল (ইণ্ডিয়া) লিমিটেডৰ প্ৰতিনিধিসকলেও অঞ্চলটোৰ বাবে প্ৰতিষ্ঠানটোৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে, খুচুৰা বিক্ৰেতাসকলৰ প্ৰত্যক্ষ মতামত গ্ৰহণ কৰে আৰু বিক্ৰেতাসকলে সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলাৰ প্ৰয়াস কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *