বাক্সা জিলাৰ আঠ বছৰীয়া ছাত্ৰী নিকিতা বসুমতাৰীয়ে দেউতাকৰ সৈতে চাইকেলত উঠি স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে ‘মামা’ৰ ওচৰত আবদাৰ কৰিছিল, আমাৰ স্কুলত বৰ গৰম। ফেন লগাই দিয়া না। শিশুটিৰ সৰল আৰু আন্তৰিক আবেদনখিনি দ্ৰুতগতিত সামাজিক মাধ্যমত বিয়পি পৰে। সেই ভিডিঅ’টো চকুত পৰাৰ লগে লগে আবদাৰ পূৰণ কৰিবলৈ পলম নকৰিলে মামাই, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বড়োলেণ্ড একাডেমি ব্যক্তিগত বিদ্যালয় হ’লেও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাতিটোৰ ভিতৰতে বাকচে বাকচে চিলিং ফেন স্কুলত উপস্থিত হয়গৈ। নিকিতাই মামাৰ এই উপহাৰত অভিভূত হৈ পুনৰ এটা ভিডিঅ’ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। Share this:FacebookX Related Post navigation বিদ্যালয়ত নিষিদ্ধ মাংস অনাক লৈ চাঞ্চল্য! গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি