আই পি এছ বিষয়া মুকেশ সিঙে সোমবাৰে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (এ জি এম ইউ টি) কেডাৰৰ ১৯৯৬ বেচৰ আই পি এছ বিষয়া সিঙে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে শনিবাৰে ইম্ফলত উপস্থিত হয়। তেওঁ ইয়াৰ পূৰ্বে লাডাখৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মন্ত্ৰীপুখ্ৰীৰ আৰক্ষী মুখ্য কাৰ্যালয়ত (পি এইচ কিউ) উপস্থিত হোৱাৰ লগে লগে মণিপুৰ আৰক্ষীয়ে সিঙক ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰে। আনুষ্ঠানিক আদৰণিৰ পিছত ডি জি পি গৰাকীয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে এখন চমু পৰিচয়মূলক বৈঠকত মিলিত হয়। সিঙে আৰক্ষীৰ মূল অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোচনা কৰে আৰু পেছাদাৰিত্ব, ভাৰতৰ সংবিধান আৰু আইনৰ শাসন সন্মান কৰা, ভগ্নী সংস্থাসমূহৰ সৈতে সমন্বয়, আৰু ৰাজহুৱা সেৱাত দায়িত্ব পালনৰ ক্ষেত্ৰত নিৰপেক্ষতা আৰু নিষ্পক্ষতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। এই উপলক্ষে মণিপুৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। তেওঁ যোৱা তিনিবছৰ ধৰি ৰাজ্যখনত সেৱা আগবঢ়াই দেওবাৰে মণিপুৰৰ ডি জি পিৰ দায়িত্ব এৰা ৰাজীৱ সিঙৰ স্থান লৈছে। এই উপলক্ষে বিদায়ী ডি জি পি গৰাকীয়ে তেওঁৰ কাৰ্যকালত সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে মণিপুৰৰ জনসাধাৰণ, নিৰ্বাচিত প্ৰতিনিধি, নাগৰিক সমাজৰ সংগঠন, আৰু পাহাৰ-ভৈয়ামৰ জিলাসমূহৰ ৰাজহুৱা নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে ৰাজ্যখনত শান্তি আৰু নিৰাপত্তা বজাই ৰখাত অবিৰত সহযোগিতা আৰু সহায়ৰ বাবে সেনা, অসম ৰাইফলছ, চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, এছ এছ বি, চি আই এছ এফ, আৰু অন্যান্য ভগ্নী সংস্থাকে ধৰি সুৰক্ষা বাহিনীসমূহৰ প্ৰতিও আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। সিঙে নৱনিযুক্ত ডি জি পি আৰু মণিপুৰ আৰক্ষীৰ সকলো বিষয়া-কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক বছৰবোৰত এই বাহিনীয়ে ৰাজ্যখনৰ জনসাধাৰণক নিষ্ঠা, পেছাদাৰিত্ব আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাব বুলি বিশ্বাস প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation উত্তৰ প্ৰদেশৰ আটাইতকৈ দীঘল গংগা এক্সপ্ৰেছৱে উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ