এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ বিমান বিশেষজ্ঞসকলে তদন্ত কৰিব, য’ত অন্তৰ্ভুক্ত আছে ব্লেক বক্সৰ সন্ধান আৰু বিশ্লেষণ। উৰণৰ ৩০ ছেকেণ্ডৰ ভিতৰতে আহমেদাবাদৰ মেঘনী নগৰৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ হোষ্টেলত খুন্দা মাৰে বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ নামৰ এআই বিমানখন।

শুকুৰবাৰে পুৱা এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰে যে বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত মাত্ৰ এজন লোকহে ৰক্ষা পৰে। আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই (আইচিএঅ’) নিৰ্ধাৰণ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰট’কল অনুসৰি ইতিমধ্যে বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৱে আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে।

বিমান সুৰক্ষা সংস্থা মাৰ্টিন কনছালটেন্সীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক মাৰ্টিনে জনোৱা মতে, ভাৰতীয় বিমান নিয়ন্ত্ৰক ডিজিচিএ (অসামৰিক বিমান পৰিবহণৰ মহানিৰ্দেশক)ৰ এটা দল আৰু বিমানখন চলি থকা সকলো দেশৰ নিয়ন্ত্ৰকৰ দলে—যেনে এনটিএছবি (নেচনেল ট্ৰেন্সপ’ৰ্টেশ্যন ছেফটি ব’ৰ্ড), ইএএছএ (ইউৰোপীয় সংঘৰ বিমান সুৰক্ষা সংস্থা)—অতি সোনকালে দুৰ্ঘটনাস্থলীটো পৰিদৰ্শন কৰি আৰম্ভ কৰিব তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *