কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসৰ উদ্যোগত লুম্বিনি ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু লুম্বিনি বৌদ্ধ বিশ্ববিদ্যালয়ৰ সহযোগত বুদ্ধ জয়ন্তীৰ পৱিত্ৰ ক্ষণত লুম্বিনীত কেইবাটাও বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ‘প্ৰচন্দ’ই মুখ্য অতিথি ৰূপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত নেপালৰ উপ-প্ৰধানমন্ত্ৰী তথা নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী নাৰায়ণ কাজী শ্ৰেষ্ঠ, নেপালৰ সাংস্কৃতিক, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিট বাহাদুৰ তামাং, লুম্বিনি প্ৰদেশৰ মুখ্যমন্ত্ৰী জোখ বাহাদুৰ মাহাৰা আৰু অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ প্ৰাদেশিক নেতা আৰু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। এই অনুষ্ঠানত “বৌদ্ধ ধৰ্ম আৰু বিশ্ব শান্তি” বিষয়ক একাডেমিক আলোচনাচক্ৰ আৰু এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। লগতে সাংস্কৃতিক সন্ধিয়াত ভাৰতৰ পৰা যোৱা কবিতা দ্বীবেদী আৰু সহযোগী নৃত্য দলে ‘শ্বেত মুক্তি- দ্য ফেমিনিন গ্লৰী অৱ নিৰ্বাণ’ শীৰ্ষক নৃত্য-আবৃত্তিৰ অনুষ্ঠান পৰিৱেশন কৰে। আনহাতে, জনপ্ৰিয় ভাৰতীয় কণ্ঠশিল্পী ড০ সুভদ্ৰ দেশাইৰ ভজন আৰু ধম্মা গীতৰ মাৰ্মান্তিক উপস্থাপন আৰু বিখ্যাত নেপালী মিউজিক গ্ৰুপ ‘সুৰ সুধা’ৰ বৌদ্ধ গীতৰ আত্মাস্পৰ্শী প্ৰাণৱন্ত মিশ্ৰণে সকলোকে মুগ্ধ কৰে।ভাৰত আৰু নেপাল দুয়োখন দেশৰ সহযোগিতাত জীৱন্ত ৰূপত প্ৰদৰ্শিত হৈছিল বৌদ্ধ ঐতিহ্য আৰু পৰম্পৰা। Share this:FacebookX Related Post navigation বিমষ্টেক চনদ ৰূপায়ণে আঞ্চলিক উন্নয়নৰ বাবে যোগাইছে ইন্ধন মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা