সদৌ অসম মটৰ পৰিবহণ সন্থাৰ গুৰুত্বপূৰ্ণ ঘোষণা । সন্থাই ২৬ নৱেম্বৰৰ পৰা ৰাজ্যত সকলো বাণিজ্যিক বাহন অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ! সন্থাই দাবীসমূহ পূৰণৰ বাবে চৰকাৰক ২৫ নৱেম্বৰলৈ সময়সীমা দিলে । গোলাঘাটত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ বিশেষ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।উল্লেখ্য যে কাজিৰঙাৰ ৰঙাজানত ১৩ নৱেম্বৰত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে যান-বাহন আইনৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । বাহনৰ গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে এছঅ’পিও জাৰি কৰিছে । হঠাৎ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বাণিজ্যিক বিশেষকৈ যাত্ৰীবাহী বাহন আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ মালিকসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে ।‘‘ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত সকলো প্ৰদূষণ কেন্দ্ৰ আৰু ফিটনেছ প্ৰশিক্ষণ কেন্দ্ৰ অসম চৰকাৰে বাহাল ৰাখি সকলো জিলাতে প্ৰযোজ্য কৰিব লাগে । ই-চালানসমূহ আদালতৰ জৰিয়তে মীমাংসা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই সম্পৰ্কে অসমৰ বিভিন্ন যান-বাহন সন্থাই চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি এই সিদ্ধান্ত গ্ৰহণ কৰে ।’’ Share this:FacebookX Related Post navigation উদীয়মান বজাৰৰ সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ বাজাজ এএমচিয়ে আগবঢ়াইছে বিজনেছ চাইকেল ফাণ্ড ২২ বছৰ বয়সতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত গোগামুখৰ মেধাবী ছাত্ৰ সত্যজিৎ কামান