এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ মহচিন নকভিৰ হাতৰ পৰা মহিলা এচিয়া কাপৰ বিজয়ী ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে ভাৰতীয় দলে। এচিয়া কাপৰ ফাইনেল সমাপ্ত হোৱাৰ পিছতেই এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক অমোল মজুমদাৰে স্পষ্ট কৰি দিয়ে যে এই স্থিতি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গ্ৰহণ কৰিছে আৰু সমগ্ৰ দলটো এই সিদ্ধান্ততেই অটল আছে।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা দেশখনৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মহচিন নকভিৰ পৰা বিজয়ী দলৰ পদক আৰু ট্ৰফী সংগ্ৰহ কৰিবলৈ ভাৰতীয় দলটো মঞ্চতেই উপস্থিত নহ’ল। শ্ৰীলংকাৰ অধিনায়ক চামৰি আতাপাট্টুৱে নকভিৰ পৰা ৰাণাৰ্ছ-আপৰ চেক গ্ৰহণ কৰাৰ পিছত মেচৰ আনুষ্ঠানিক সম্প্ৰচাৰ স্তব্ধ কৰি পোনপটীয়াকৈ ষ্টুডিঅ’ৰ অনুষ্ঠানলৈ লৈ যোৱা হয়। যোৱা বৰ্ষৰ পুৰুষ এচিয়া কাপৰ দৰেই এইবাৰো অনুৰূপ দৃশ্যৰ পুনৰাবৃত্তি ঘটে।

খেলৰ অন্তত সংবাদমেলত দলৰ স্থিতি ব্যাখ্যা কৰে মুখ্য প্ৰশিক্ষক অমোল মজুমদাৰে। দলৰ এই সিদ্ধান্তক সমৰ্থন জনাই তেওঁ কয়, “এই স্থিতি বিচিচিআইয়ে নিৰ্ধাৰণ কৰিছে আৰু আমি ইয়াক সম্পূৰ্ণ সমৰ্থন কৰোঁ। আমাৰ বাবে এই প্ৰতিযোগিতা সমাপ্ত হ’ল আৰু আমি এতিয়া এচিয়া কাপ চেম্পিয়ন। ডাঙৰ পৰ্দাত ভাৰত চেম্পিয়ন বুলি প্ৰদৰ্শিত হোৱাটোৱেই আমাৰ বাবে যথেষ্ট।” এই জয়ক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এতিয়া দলৰ সম্পূৰ্ণ দৃষ্টি আগন্তুক এছিয়ান গেমছৰ ওপৰত বুলিও প্ৰশিক্ষকগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *