ৰাজ্যত চৰকাৰী শিক্ষা খণ্ডৰ আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তিৰ এক অতি চিন্তনীয় তথ্য শেহতীয়াকৈ বিধানসভাৰ মজিয়াত পোহৰলৈ আহিচে। বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে জনোৱা মতে, ২০২৫-২৬ বৰ্ষত শিক্ষকহীন কোনো চৰকাৰী প্ৰাথমিক বিদ্যালয় নাই যদিও এতিয়াও ২,৬৭০ খন বিদ্যালয় মাত্ৰ এজন শিক্ষকৰ ভৰসাতে চলি আছে। এই তথ্যই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

কেৱল শিক্ষকেই নহয়, বিদ্যালয়সমূহৰ নেতৃত্বৰ ক্ষেত্ৰতো এক বৃহৎ শূন্যতাই বিৰাজ কৰিছে। চৰকাৰী তথ্য অনুসৰি, ৰাজ্যৰ ১৩,৬১৪ খন প্ৰাথমিক আৰু ৩,৪০২ খন উচ্চ প্ৰাথমিক বিদ্যালয়ত কোনো স্থায়ী প্ৰধান শিক্ষক নাই। ইয়াৰ উপৰি, উচ্চ প্ৰাথমিক পৰ্যায়ত ৪,৮০৫ টা আৰু হাইস্কুল পৰ্যায়ত বিজ্ঞান, গণিত, কলা আৰু হিন্দী বিষয়ৰ মুঠ ৭,৩৯৬ টা শিক্ষকৰ পদ খালী হৈ পৰি আছে। আনকি ষষ্ঠ অনুসূচীৰ জিলাসমূহতো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুজন সংখ্যক পদ খালী হৈ থকাৰ কথা মন্ত্ৰীগৰাকীয়ে সদনত স্বীকাৰ কৰে।

শিক্ষা খণ্ডৰ এই দুৰৱস্থা কেৱল শিক্ষকৰ পদতে সীমাবদ্ধ নহয়, বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাৰ নাটনিও এক ডাঙৰ সমস্যা হৈ থিয় দিছে। তথ্য অনুসৰি, ২১,৮৩৯ খন ছটা শ্ৰেণীৰ বিদ্যালয়ত প্ৰয়োজনীয় শ্ৰেণীকোঠা নাই। মাত্ৰ ৫,০৮৩ খন পাঁচটা শ্ৰেণীৰ বিদ্যালয়তহে পাঁচটা বা ততোধিক শ্ৰেণীকোঠা উপলব্ধ আছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰাজ্যৰ শিক্ষা ব্যৱস্থাই কেনেধৰণৰ তীব্ৰ স্থান সংকুচনৰ মাজত কাম চলাই নিবলগীয়া হৈছে।

আনহাতে, চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ নীতিৰ বাবে ৰাজ্যত চৰকাৰী বিদ্যালয়ৰ সংখ্যাও লক্ষণীয়ভাৱে হ্ৰাস পাইছে। UDISE+ ৰ তথ্য অনুসৰি, ২০১৬-১৭ বৰ্ষত ৰাজ্যত বিদ্যালয়ৰ সংখ্যা আছিল ৫২,২২৮ খন, যি ২০২৪-২৫ বৰ্ষত ৪৪,৩০০ খনলৈ হ্ৰাস পাইছে। চৰকাৰে কোনো বিদ্যালয় শিক্ষকহীন নহয় বুলি দাবী কৰিলেও, মাত্ৰ এজন শিক্ষকৰে চলি থকা সহস্ৰাধিক বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ অভাৱে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *