উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন হৈ আছে এশৰো অধিক লোক। বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, বহু গাঁও এতিয়াও পানীৰে বিচ্ছিন্ন হৈ থকাৰ ফলত উদ্ধাৰকাৰী দল কিছুমান অঞ্চললৈ উপস্থিত হ’ব পৰা নাই। আৱদ্ধ লোকসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত আছে যদিও পৰিস্থিতি এতিয়াও অত্যন্ত জটিল হৈ আছে।

এইবাৰৰ বানত কেৱল গ্ৰামাঞ্চলেই নহয়, প্লাৱিত হৈছে নগৰাঞ্চলৰো একাধিক এলেকা। সৰ্বাধিক ক্ষতি হৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে বান পৰিস্থিতিক অধিক জটিল কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

চৰাইদেউ জিলাৰ বানাক্ৰান্ত গাঁও আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতি সম্পৰ্কেও জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা কৰে তেওঁ।

বহু লোক এতিয়াও সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। আনহাতে, বহু পৰিয়াল বানপানীৰ মাজতে আৱদ্ধ হৈ আছে আৰু বিভিন্ন স্থানৰ পৰা মৃতদেহ উদ্ধাৰৰ ঘটনাও অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ভাৰতীয় সেনা আৰু জিলা প্ৰশাসনে দিন-ৰাতি উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। বানপীড়িত প্ৰতিগৰাকী লোকৰ কাষত ৰাজ্য চৰকাৰ থিয় হৈ আছে আৰু প্ৰয়োজন হ’লে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত আৰ্থিক সহায় বিচৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

ইয়াৰ পিছত যোৰহাট জিলাৰ শ’লমৰা আৰু বৰিগাঁও অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। ভোগদৈ নদীয়ে পাঁচটা স্থানত মথাউৰি ভঙাৰ তথ্য উল্লেখ কৰি সেই অংশসমূহ পুনৰ নিৰ্মাণৰ কাম তৎকালে আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ।

ইফালে, নাগালেণ্ডৰ মন জিলাত সম্ভাৱ্য ডাৱৰ বিস্ফোৰণৰ ফলতেই পানীৰ স্তৰ আকস্মিকভাৱে বৃদ্ধি পাইছে নেকি, সেই বিষয়টোও অনুসন্ধান কৰা হ’ব। বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত নাগালেণ্ড চৰকাৰৰ সৈতে সমন্বয় ৰাখি বিষয়টোৰ তদন্ত চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বান পৰিস্থিতিও পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম অধিক গতিৰে আগবঢ়াই নিয়াৰ নিৰ্দেশ ইতিমধ্যে সংশ্লিষ্ট জিলা প্ৰশাসনক দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *