এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ বিতৰ্কিত পাঠ্যপুথিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য্যকান্তই। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত তেওঁ কয় যে আমি বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ নকৰো। কিতাপখন কেনেকৈ প্ৰকাশ পালে তাৰ তদন্ত কৰা হ’ব। উচ্চতম ন্যায়ালয়েও এনচিইআৰটিৰ কিতাপখনৰ সেই অধ্যায়টো নিষিদ্ধ কৰিছে। আদালতে পাঠ্যপুথিৰ কপি প্ৰকাশ আৰু ডিজিটেল শ্বেয়াৰিংত নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে উচ্চতম ন্যায়ালয়ে ফিজিকেল পাঠ্যপুথি জব্দ কৰাৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে কয় যে যিকোনো প্ৰকাৰে কপি শ্বেয়াৰ কৰা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ১১ মাৰ্চত অনুষ্ঠিত হ’ব। মন কৰিবলগীয়া যে এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপখনত দুৰ্নীতিগ্ৰস্ত ন্যায়পালিকাৰ ব্যৱস্থা আৰু বিচাৰাধীন গোচৰৰ বিষয়ে আলোচনা কৰা হৈছিল। আজিৰ শুনানিৰ সময়ত চিজেআইয়ে এইটো ষড়যন্ত্ৰ হ’ব পাৰে বুলি উল্লেখ কৰে। আমি এতিয়া নিঃচৰ্ত ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ নকৰো। নহ’লে আগলৈও যিকোনো ব্যক্তিয়েও তেনেকুৱাই কৰিব। আমি এই প্ৰতিষ্ঠানৰ মৰ্যাদা কলংকিত হ’বলৈ দিব নোৱাৰো। Share this:FacebookX Related Post navigation অসমত জলবায়ু পৰিৱৰ্তনৰ কালিকা; নৱেম্বৰৰ পৰা হ্ৰাস ৭০ শতাংশ বৰষুণ, তীব্ৰ খৰাং সদৃশ পৰিৱেশ বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী ২’ৰ মুক্তিৰ ওপৰত স্থগিতাদেশ; চেন্সৰ ব’ৰ্ডৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কেৰালা উচ্চ ন্যায়ালয়ৰ