কাছা ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ অবাধ সৰবৰাহ অব্যাহত থকাৰ সময়তে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল কাছাৰ আৰক্ষী। সোমবাৰে কাছাৰৰ কালাইনত এক গোপন অভিযান চলাই প্ৰায় ১.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। ইফালে এই নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানকাৰী দলটোৱে কালাইনৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয় অভিমুখে গৈ থকা সন্দেহযুক্ত বাহনখনক মাজপথতে ভেটি ধৰে। পৰৱৰ্তী সময়ত সেই বাহনখনত তন্ন তন্নকৈ তালাচী চলাই ভিতৰত অতি চতুৰতাৰে লুকুৱাই থোৱা ২২ টা চাবোনৰ বাকচ ভৰ্তি হেৰ’ইন উদ্ধাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ক্ৰমে আছিকুৰ ৰহমান আৰু মুক্তাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। বাহনখনত ড্ৰাগছৰ চালানখিনি পোৱাৰ পিছতে তেওঁলোকক থিতাতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীৰ সন্দেহ অনুসৰি, এই ড্ৰাগছখিনি অসমৰ পৰা সৰবৰাহ কৰি মেঘালয়ত বিতৰণ কৰাৰ বাবে এক আন্তঃৰাজ্যিক চক্ৰই দীৰ্ঘদিনৰে পৰা কাম কৰি আছিল। এই নিষিদ্ধ ড্ৰাগছখিনি ক’ৰ পৰা অনা হৈছিল আৰু কাৰ ওচৰলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল, সেই সমগ্ৰ নেটৱৰ্কটো উৎখাত কৰিবলৈ আৰক্ষীয়ে বৰ্তমান ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation গুৱাহাটী আৰু কাষৰীয়া অঞ্চলত ১-৩ ঘণ্টাত ধুমুহা-বৰষুণৰ সম্ভাৱনা, ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণৰ সতৰ্কবাৰ্তা অসম-বংগৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ পোষকতা পশ্চিম বংগৰ নৱনিযুক্ত মন্ত্ৰী আনন্দময় বৰ্মনৰ