দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাই। নয়দাৰ এটা ভাড়াঘৰত দেওবাৰে ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া এক আত্মহত্যা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা এক আত্মঘাতী পত্ৰত মেহতাই নিজৰ গুৰুতৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি লিখে যে তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয়। নয়দাৰ ৮২ ছেক্টৰৰ কেন্দ্ৰীয় বিহাৰ ২ ছ’চাইটিৰ এটা ফ্লেটত অকলশৰীয়াকৈ বসবাস কৰিছিল ১৯৭৫ বেটছৰ এই প্ৰবীণ প্ৰশাসনিক বিষয়াগৰাকীয়ে। তেওঁৰ পত্নী তথা এগৰাকী অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াই নিজ সন্তানসহ ডেৰাডুনত থকা সময়তে সংঘটিত হয় এই ঘটনা। দেওবাৰে দিনৰ ভাগত ফোন যোগে যোগাযোগ কৰিবলৈ ব্যৰ্থ হোৱাত পত্নীয়ে ছ’চাইটিৰ নিৰাপত্তাৰক্ষীক খবৰ দিয়ে আৰু তাৰ পিছতেই দিনৰ ১:৩০ বজাত ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় প্ৰাক্তন সচিবগৰাকী। উল্লেখ্য যে, ২০০৭ চনৰ পৰা ২০১০ চনৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰালৈকে দিল্লীৰ মুখ্য সচিবৰ দায়িত্বত থকা মেহতাই ২০১০ চনৰ ঐতিহাসিক কমনৱেলথ গেমছৰ সময়ত প্ৰশাসনক নেতৃত্ব প্ৰদান কৰিছিল। দিল্লী চৰকাৰ আৰু পৌৰ নিগমৰ কেবাটাও শীৰ্ষ পদত অধিষ্ঠিত হৈ ৰাজধানী চহৰখনৰ পৰিবহণ আৰু শক্তি খণ্ডৰ সংস্কাৰত উল্লেখনীয় ভূমিকা পালন কৰিছিল তেওঁ। দিল্লীত ব্লু-লাইন বাছ সেৱা বাতিল কৰি লো-ফ্ল’ৰ বাছ প্ৰৱৰ্তনৰ আঁৰতো আছিল এইগৰাকী প্ৰশাসকৰ সুপৰিকল্পিত অৱদান। আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত মেহতাৰ নশ্বৰ দেহ পৰিয়ালক চমজাই দিয়া হয় আৰু সোমবাৰে লোদী শ্মশানত সম্পন্ন কৰা হয় শেষকৃত্য। আৰক্ষীয়ে সমগ্ৰ বিষয়টোত বৰ্তমানেও নিয়মীয়া তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ