কৰ বয়লাৰ বিস্ফোৰণত ২০ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চত্তীশগড়তে বৰ্তমান বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। সক্তী জিলাৰ বেদান্ত লিমিটেডৰ তাপবিদ্যুৎ কেন্দ্ৰত সংঘটিত এই শোকাৱহ কাণ্ডত আৰক্ষীয়ে আজি প্ৰতিষ্ঠানটোৰ অধ্যক্ষ অনিল আগৰৱাল আৰু পৰিচালক দেৱেন্দ্ৰ পেটেলসহ ১০ জন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

সক্তী জিলাৰ আৰক্ষী অধীক্ষক প্ৰফুল্ল ঠাকুৰে জানিবলৈ দিয়া মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও গুৰুতৰ ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে। কৰ্তব্যত গাফিলতি আৰু যন্ত্ৰপাতি পৰিচালনাত কৰা চৰম অসাৱধানতাৰ বাবেই আৰম্ভ কৰিছে এই বিশেষ আইনী প্ৰক্ৰিয়া। তদন্তৰ অগ্ৰগতিৰ লগে লগে এই ঘটনাৰ সৈতে জড়িত অধিক ব্যক্তিৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে, যোৱা মঙলবাৰে সিংহিতাৰাই গাঁৱৰ বেদান্ত লিমিটেডৰ বিদ্যুৎ কেন্দ্ৰটোত এটা বয়লাৰ টিউব বিস্ফোৰিত হোৱাত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। কাম কৰি থকা অৱস্থাতে কেইবাজনো শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে জুইত দগ্ধ হয় বহুকেইজন। চিকিৎসাধীন অৱস্থাত পাছলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা বাবে বৰ্তমান ২০ জনতকৈ অধিক লোকৰ প্ৰাণহানিৰ কথা নিশ্চিত কৰিছে আৰক্ষীয়ে।

বিষ্ণুদেও ছাই নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। বয়লাৰ ফাৰ্নেচৰ ভিতৰত অতিৰিক্ত ইন্ধন জমা হোৱাৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড চাপৰ বাবেই এই বিস্ফোৰণ ঘটা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। যান্ত্ৰিক বিজুতিৰ সঠিক কাৰণ অনুসন্ধান কৰিবলৈ চৰকাৰে এতিয়া গঠন কৰিছে এখন বিশেষ কাৰিকৰী তদন্তকাৰী দল।

শ্ৰমিকৰ মৃত্যুৱে সমগ্ৰ দেশ কঁপাই যোৱাৰ সময়তে বেদান্ত গোষ্ঠীৰ মুৰব্বীৰ বিৰুদ্ধে লোৱা এই কঠোৰ পদক্ষেপে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ঔদ্যোগিক নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰি একাংশ সংগঠনে এতিয়া দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। চত্তীশগড় আৰক্ষীৰ এই তৎপৰতাই উদ্যোগিক ক্ষেত্ৰখনত কেনে প্ৰভাৱ পেলায় সেয়া আগন্তুক সময়ত লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *