ৰাজ্যজুৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। ডিমা হাছাও জিলাৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক ড্ৰাগছ মাফিয়াই গাড়ীৰে মহতিয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা নাছিল, বৰঞ্চ তালাচীৰ সময়ত ড্ৰাগছ মাফিয়াই আৰক্ষী বিষয়াজনক হত্যা কৰাৰ নিশ্চিত প্ৰমাণ পোৱা গৈছে।

মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত কয়, “নৱজিৎ দাসৰ ঘটনাটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে যে আমাৰ সন্মুখত প্ৰত্যাহ্বান কিমান আছে। মই ভাবো যে এই প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব আৰু এইবিলাকক এৰি দিব নালাগিব। আমাৰ যুঁজত আমি দৃঢ়তাৰে আগবাঢ়িব লাগিব।”

ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ নতুন গতিবিধি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে পূৰ্বে ম্যানমাৰৰ মৰে’ সীমান্ত হৈ মণিপুৰ আৰু মিজোৰামেৰে ড্ৰাগছ সৰবৰাহ হৈছিল যদিও শেহতীয়াকৈ মাফিয়া চক্ৰই অৰুণাচল প্ৰদেশৰ চাংলাং হৈ তিনিচুকীয়াৰে নতুন কৰিড’ৰ গঢ়ি তুলিছে। চৰকাৰে এই সন্দৰ্ভত সজাগ দৃষ্টি ৰখাৰ লগতে শেহতীয়াকৈ গুৱাহাটীত আৰক্ষীয়ে ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা ১৪ আগষ্টৰ নিশা লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসে নাকা তালাচী চলাই থকা অৱস্থাত এ এছ ০২ এ জে ৪৩৩৫ নম্বৰৰ এখন কিয়া বাহনে তেওঁক তীব্ৰবেগে খুন্দিয়াই পলায়ন কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে চালক জুৰীয়াৰ মোফাজ্জুল, মূল ড্ৰাগছ মাফিয়া ছেলিম উদ্দিন, তেওঁৰ পিতৃ আব্দুল কুদ্দুছ ফৰাজী, ভাতৃ মহিদুল ইছলাম আৰু ৰুকচানা খাতুন নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তালাচীৰ পৰা ৰক্ষা কৰিবলৈ ছেলিম উদ্দিনক শিলচৰৰ পৰা হোজাই অভিমূখে নি থকাৰ সময়তে লাইচঙত তালাচীৰ সন্মুখীন হৈ ছেলিমৰ নিৰ্দেশতেই বিষয়াজনক খুন্দিয়াই হত্যা কৰা হৈছিল। নিজক বচাবলৈ মাফিয়াৰ পিতৃয়ে জুৰীয়া থানাত গাড়ীখন চুৰি হোৱা বুলি ভুৱা এজাহাৰ দিয়াৰো অপচেষ্টা চলাইছিল।

আনহাতে, প্ৰয়াত আৰক্ষী বিষয়া নৱজিৎ দাসৰ পত্নী সান্ত্বনা সিঙে ন্যায় বিচাৰি মুখ্যমন্ত্রী আৰু ডিজিপিৰ ওচৰত কাতৰ আহ্বান জনায়। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰে যে তালাচীত এটা সম্পূৰ্ণ আৰক্ষীৰ দল থকাৰ পাছতো কেৱল তেওঁৰ স্বামীক পিছফালৰ পৰা কেনেকৈ খুন্দিয়ালে, সেয়েহে সেই সময়ত কৰ্তব্যৰত আৰক্ষী দলটোকো তদন্তৰ আওতালৈ আনিব লাগে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজনক হেৰুৱাই বৃদ্ধা মাতৃ আৰু কণমানি সন্তানক লৈ দিশহাৰা হৈ পৰা পৰিয়ালটোৱে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *